১৯৪৯ৰ পাছত চীনত প্ৰথমবাৰৰ বাবে সর্বনিম্ন জন্মৰ হাৰ, বয়ােজ্যেষ্ঠৰ সংখ্যা বৃদ্ধি

প্রতি বছৰে এক কোটিকৈ জনসংখ্যা হ্রাস পাব চীনত

baby dolls

প্রায় ১৪০ কোটি জনসংখ্যাৰে সমৃদ্ধ চীন হৈছে বিশ্বৰ সবাতােকৈ জনবহুল দেশ। কিন্তু এতিয়া এইখন দেশে জনসংখ্যা নিয়ন্ত্রণত বিশেষ অগ্রাধিকাৰ দিছে ।

চীনৰ গুয়াংডুং একাডেমী অৱ পপুলেচন ডেভেলপমেণ্টৰ সঞ্চালক ডংগ য়ুজংগই দাবী কৰা মতে, চীনৰ জনসংখ্যা আগন্তুক কেইবছৰমানত যথেষ্ট হ্রাস পাব।

চীনৰ জনসংখ্যা আগন্তুক পাঁচ বছৰত প্ৰতি বছৰে এক কোটিকৈ হ্রাস পাব বুলিও ডংগই দাবী কৰিছে।চীনৰ নেচনেল ব্যুৰ অৱ ষ্টেটিষ্টিক্সৰ পৰিসংখ্যা অনুসৰি ২০১৯ত চীনত মাত্র ১.৪৬ কোটি শিশুৰ জন্ম হৈছিল।

১৯৪৯ৰ পাছত দেশখনত এয়ে প্রথমবাৰৰ বাবে জন্মৰ হাৰ সর্বনিম্ন হ’ল। ২০১৮ তুলনাত চীনত ২০১৯ত ৫.৮০ লাখ শিশু কমকৈ জন্ম হৈছিল। জন্মৰ হাৰ এইদৰে হ্রাস পালে আগন্তুক পাঁচ বছৰত দেশখনত বছৰি এক কোটিকৈ জনসংখ্যা হ্রাস পাব বুলি আশা কৰা হৈছে।

অৱশ্যে জন্মৰ হাৰ হ্ৰাসৰ লগে লগে চীনত বয়ােজ্যেষ্ঠ নাগৰিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে।

Exit mobile version