বিগত বৰ্ষৰ কৰ’না সংকত আৰু তলাবন্ধৰ স্মৃতিয়ে আজিও সকলোকে আতংকিত কৰে । এইবাৰ সেই সংকতৰ সন্মুখীন হ’ব নিবিচাৰে ১৯ বছৰীয়া ইন্দ্ৰৰূপ গোস্বামীয়ে । লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ জনসংযোগ বিভাগৰ ছাত্ৰজনে মটৰচাইকেলেৰে পঞ্জাৱৰ জলন্ধৰৰ পৰা ২৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি উপস্থিত হয় অসমৰ শিলচৰত থকা নিজ বাসগৃহত ।
বিগত বৰ্ষত কৰ’না সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে হঠাৎ ছাত্ৰাবাস ত্যাগ কৰাৰ নিৰ্দেশ দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ফলত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকলে ।
চলিত বৰ্ষতো থিক একেই সময়তে ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে । মহাৰাষ্ট্ৰ, দিল্লীত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ কৰ’বাত যদি জাৰি কৰা হৈছে তলাবন্ধ আন কৰ’বাত আকৌ জাৰি কৰা হৈছে নৈশিক সান্ধ্য আইন । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে, এনে পৰিস্থিতিত অফলাইন পাঠদানৰ পৰিকল্পনা বাতিল কৰা হৈছে । সেয়ে পুনৰ পূৰ্বৰ পৰিস্থিতিৰ সন্মুখীন নহ’বলৈ ইন্দ্ৰৰূপে গৃহমুৱা হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
তেওঁ বাছ বা ৰে’লযোগে যাতায়ত কৰা নাই কাৰণ, জলন্ধৰৰ পৰা শিলচৰলৈ অহা ট্ৰেইন ধৰিবলৈ যাব লাগে দিল্লীলৈ আৰু বাছ বা ৰে’লত যাতায়ত কৰিলে অধিক লোকৰ সংস্পৰ্শত অহাৰ সম্ভাৱনা থাকে । সেয়ে তেওঁ যাত্ৰা আৰম্ভ কৰে মটৰচাইকেলেৰে ।
ইন্দ্ৰৰূপে তেওঁৰ মটৰচাইকেল যাত্ৰাৰ বিষয়ে কয়, ‘বিগত বৰ্ষৰ তুলনাত বহুত শান্তিত আহিছো । প্ৰতিদিনে ৰাষ্ট্ৰীয় ঘাইপথত পাঁচশ-ছয়শ কিলোমিটাৰ চলাইছো । নিশা হোটেলত কটাইছো । কোনো সমস্যা হোৱা নাই । পাঁচ দিনত ঘৰ আহি পালো ।’






























