ক’ভিড-১৯ৰ ভয়াবহতা লক্ষ্য কৰি জৰিমনা বিহা আৰম্ভ কৰিছে গুৰুফেলা আৰক্ষীয়ে

WhatsApp Image 2021 04 23 at 12.08.39 PM 1

ক’ভিড-১৯ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে কেতবোৰ নতুন নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ বিশেষকৈ সকলোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে ৷

আইন অমান্য কৰা সকলক জৰিমনা বিহাৰ ঘোষনা কৰিছে ৷ চৰকাৰৰ নিৰ্দশনা পালন কৰিবলৈ গোসাইগাঁও মহকুমাৰ গুৰুফেলা আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে ৷ গুৰুফেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংগৰাজ ছেত্ৰীয়ে ক’ভিডৰ চৰকাৰী নিৰ্দেশনাক মাইক যোগে প্ৰচাৰ কৰাৰ লগতে প্ৰাথমিক ভাবে ৰাইজক বিনামূলীয়াকৈ মাস্ক বিতৰন কৰিছে ৷

যোৱা তিনি-চাৰি দিনৰ পৰা আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে ৰাইজক বিভিন্ন দিহা-পৰামৰ্শ দিছে ৷

কিন্তু আজি গুৰুফেলা সপ্তাহিক বজাৰৰ দিনা গুৰুফেলা আৰক্ষী বিষয়া অংৰাজ চেত্ৰীয়ে ৰাতিপুৱা আঠ বজাৰ পৰা বজাৰ পৰিদৰ্শন কৰি যিসকল ব্যক্তিৰ মুখত মাস্ক নাই তেওঁলোকক ১০০০ টকা জৰিমানা কৰাৰ লগতে মাস্ক নিপিন্ধা ব্যক্তিক লাঠিচাৰ্জ কৰা দেখিবলৈ পোৱা গৈছে । অৱশেষত বজাৰৰ সকলো লোকে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা যায়।

Exit mobile version