ভাওঁৰাগুৰীৰ দেৱী বাসন্তী পূজা সম্পন্ন

ঘুক্‌চি নৈত দেৱীৰ প্ৰতিমা বিসৰ্জন

WhatsApp Image 2021 04 23 at 7.09.10 PM

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাওঁৰাগুৰীত অমৰ শক্তি ক্লাবে অনুষ্ঠিত কৰা বাসন্তী পূজা আৰু মেলাৰ সফল সামৰণি পৰে। দেৱী বাসন্তীৰ প্ৰতিমা আজি ঘুক্‌চি নৈত বিসৰ্জন দিয়ে।

দেবীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ আগমুহূর্তত অমৰ শক্তি ক্লাবৰ প্ৰতিষ্ঠাপক কৰ্মকৰ্তা তথা তুলসীবিল সমবায় সমিতিৰ অধ্যক্ষ অজয় সাহাই কয় যে, দীৰ্ঘদিনৰ পৰাই ক্লাবে দেৱী বাসন্তী পূজা অনুষ্ঠিত কৰি আহিছে কিন্তু এইবেলি বিশ্বত সন্ত্রাস সৃষ্টি কৰা মহামাৰী কৰ’না ভাইৰাছৰ ফলত অনুষ্ঠুপিয়াকৈ পতা হয় ।

লগতে কয় যে, বিটিচিত হাগ্ৰামা মহিলাৰীৰ শাসন কালতে ক্লাবৰ উন্নয়নৰ হকে পাঁচ লাখ টকা আৰ্থিক অনুদান আগবঢ়াইছিল আৰু উক্ত আৰ্থিক অনুদানৰ জৰিয়তে ক্লাবৰ বহুখিনি উন্নয়ন কৰা হয়। এইবেলি নতুন চৰকাৰে ক্লাবৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান দিব বুলিও আশা কৰে অজয় সাহাই।

উক্ত সাক্ষাৎকাৰতেই ৰাইজক ক’ভিডৰ নীতি নিৰ্দেশনা মানি চলি সুস্থ সবল সমাজ গঠন কৰাৰ বাবে আহ্বান জনায়।

Exit mobile version