কোকৰাঝাৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা

b8c77fd8 98ab 4360 bd7d e44cc0f93052 shutterstock 752024269

শুকুৰবাৰে জিলাখনৰ দোতমা থানাৰ অন্তৰ্গত বনৰগাঁৱৰ খাগ্ৰাবাৰীত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ ৷ কোনো লোকে বাইকেৰে আহি খাগ্ৰাবাৰী ৰাজপথৰ দাঁতিত কণ্যা নৱজাতকৰ মৃতদেহটো পেলাই থৈ যায় ৷

কৰ’নাৰ ভয়াবহতাৰ মাজতে কোকৰাঝাৰ জিলাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক হৃদয়বিদাৰক ঘটনা ৷ শুকুৰবাৰে জিলাখনৰ দোতমা থানাৰ অন্তৰ্গত বনৰগাঁৱৰ খাগ্ৰাবাৰীত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ ৷ কোনো লোকে বাইকেৰে আহি বনৰগাঁঁৱৰ খাগ্ৰাবাৰী ৰাজপথৰ দাঁতিত কন্যা নৱজাতকৰ মৃতদেহটো পেলাই থৈ যায় ৷ প্লাষ্টিকেৰে মেৰিয়াই থোৱা নৱজাতকৰ মৃতদেটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে দোতমা আৰক্ষীক খবৰ দিয়ে ৷

সম্প্ৰতি দোতমা আৰক্ষীৰ দল এটি ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version