কৰ’নাত বাতিল বিয়াৰ ছুটি, থানাৰ মাজতে গাত হালধি ঘহাৰ নিয়ম পালন কৰিলে মহিলা কনিষ্টবলে

পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ । দৈনিক সংক্ৰমণ তিনি লাখতকৈও অধিক হৈছে। চিকিৎসালয়ত কোনো বিচনা নাই, কোনো চিকিৎসক নাই, অক্সিজেনৰ নাই, শ্মশানত ঠাইৰ নাই।

সমগ্ৰ দেশতে হাহাকাৰ, প্ৰিয়জনক হেৰুওৱাৰ বেদনা । ইয়াৰ মাজতে, দেশখনক বিভিন্ন বৃত্তিৰ কে’বাজনো ক’ভিড যোদ্ধাই জৰুৰীকালীন সেৱা প্ৰদান কৰি আছে। স্বাস্থ্য কৰ্মীসকলকে ধৰি আৰক্ষী কৰ্মী সকলো দেশৰ বাবে যুঁজি আছে। গতিকে তেওঁলোকৰ দেশৰ এই সংকটজনক মুহূৰ্তত উশাহ লোৱাৰো সময়ো নাই।

স্বাভাৱিকতে, ৰাজস্থানৰ ডুংগৰপুৰ জিলাৰ এগৰাকী মহিলা কনিষ্টবল আশাৰ কৰ’নাৰ বাবে বিবাহৰ ছুটিও বাতিল হয়। বিগত বৰ্ষত তেওঁৰ বিয়াখন মে’ মাহত ঠিক কৰা হৈছিল।

বিবাহৰ তাৰিখ এই বছৰৰ ৩০ এপ্ৰিলত নিৰ্ধাৰণ কৰা হয়। কিন্তু এই বছৰ পুনৰ একেই পৰিস্থিতি। কিন্তু আশাৰ পৰিয়াল এই বছৰ বিয়া ভাঙিবলৈ সাজু নহয়। বিয়াৰ বন্ধ নাপালেও তেওঁলোকে বিয়াৰ তাৰিখ পিছুৱাই দিয়া নাছিল।

ফলস্বৰূপে, হালধী অনুষ্ঠানটো আশাৰ কৰ্মস্থানতে আয়োজন কৰিব লগা হয়।

তেওঁৰ সকলো সহকৰ্মীয়ে আশাক বিয়াৰ বাবে নিৰ্ধাৰিত ছুটি নোপোৱাৰ বাবে দুখীত হোৱা দেখি তেওঁক আনন্দ দিবলৈ আগবাঢ়ি আহিল। আৰক্ষী থানাতে নূন্যতম ব্যৱস্থাত আশাৰ বিয়াৰ হালধী অনুষ্ঠান সম্পন্ন কৰিলে তেওঁৰ সহকৰ্মীসকলে ।

তেওঁলোকে কইনাক হালধিৰে গা ধুৱাই। আশাৰ এজন সহকৰ্মীয়ে ঘটনাটোৰ এটা চমু ভিডিঅ’ ফেচবুকত শ্বেয়াৰ কৰিলে। তাত, সকলোকে আশাৰ চাৰিওফালে মাস্ক আৰু ইউনিফৰ্মত ৰীতি-নীতি পালন কৰা দেখা যায়।

সকলোৱে আশাক এখন প্লাষ্টিকৰ চকীত ববহুৱাই নচুৱাইছে। ইয়াৰ লগতে, তেওঁলোকেও গান গাইছে। কইনা হালধীয়া লগাই ৰঙা ওৰণি পিন্ধি চকী এখনত বহি আছে। যেন দুখৰ মাজতে চাৰিওফালে আনন্দৰ সুৰ বাজি উঠিল।

Exit mobile version