সুশান্তৰ মৃত্যুৰ পাছত কাৰ্তিকক লৈ চিন্তিত অনুৰাগীসকল

kartik aaryan 1200

কৰণ জোহৰৰ প্ৰযোজিত ‘দোস্তানা ২’ৰ পৰা বাদ পৰিলে কাৰ্তিক আৰিয়ান। তেতিয়াৰ পৰাই অনুৰাগীসকল চিন্তিত কাৰ্তিকক লৈ । শুক্ৰবাৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত দীঘলীয়া নীৰৱতাৰ পাছত নিজৰ এখন ফটো শ্বেয়াৰ কৰে । দীঘল চুলি, মুখত মাস্ক পৰিধান কৰা ফটোখন অনুৰাগীসকলক কৰ’না নিয়ম অনুসৰণ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে ।

প’ষ্টটোৰ মন্তব্য শাখাত অনুৰাগীসকলৰ উদ্বেগ লক্ষণীয়। বহুতে তেওঁৰ নতুন ফটোখন পুনৰ দেখি সুখী হৈছে। কৰণৰ ‘দোস্তানা 2’ৰ পৰা বাদ পৰিল যদি কি হ’ল, আমি যিমান পাৰো আপোনাৰ কাষত আছো, অনুৰাগীসকলে প্ৰেমেৰে ভৰাই পেলাইছে কমেণ্ট বক্স ।

সুশান্তৰ মৃত্যুৰ পাছত, বহুলোকে বলীউডৰ কাষ্টিং আৰু স্বজনপোষণৰ বিষয়টো উত্থাপন কৰিছিল । সমাজিক মাধ্যমত কৰণ জোহৰক বহুতে সমালোচনাও কৰিছিল।

কাৰ্তিকে আৰিয়ানক বাদ দিয়াৰ পাছত কংগনাই তেওঁৰ মনোবল বঢ়াবলৈ টুইট কৰিছিল। তেওঁ কৰণক আক্ৰমণ কৰিছিল আৰু কাৰ্তিকৰ কাষত থকাৰ বাৰ্তা প্ৰদান কৰিছিল। ধৰ্মা প্ৰডাকচনে এটা আনুষ্ঠানিক বিবৃতিত কৈছিল যে কাৰ্তিকক ‘দোস্তানা ২’ৰ পৰা বাদ দিয়া হ’ব।

তেওঁলোকে কৈছিল যে, তেওঁলোকে ভৱিষ্যতে কাৰ্তিকৰ স’তে পুনৰ কাম নকৰিব। কাৰ্তিকক সোনকালেই কিয়াৰা আদৱানীৰ স’তে ‘ভুল ভূলইয়া ২’ত দেখা যাব।

Exit mobile version