চাৰি মাহৰ অন্তঃসত্ত্বা তাৰোপৰি দিনজোৰা ৰমজান মাহৰ ৰোজা, দুৰ্বল শৰীৰত যে সংক্ৰমণৰ সম্ভাৱনা অধিক ভালকৈ জানে সুৰতৰ ক’ভিড কেয়াৰ ইউনিটৰ নাৰ্ছ নেন্সিয়ে । কিন্তু এই সকলোবোৰে তেওঁৰ কৰ্তব্যপৰায়ণতা আৰু ৰোগীৰ প্ৰতি থকা দায়িত্ববোধক বাধা দিব পৰা নাই ।
নিজৰ সুৰক্ষাৰ কথা চিন্তা নকৰি নেন্সি আয়েছা মিস্ত্ৰীয়ে দিনে নিশাই সেৱা আগবঢ়াইছে ক’ভিড ৰোগীসকলক । সম্প্ৰতি তেওঁ সুৰতৰ অটল ক’ভিড-১৯ কেয়াৰ ইউনিটত কৰ্মৰত । নেন্সি চাৰি মাহৰ অন্তঃসত্ত্বা । লগতে ৰমজান মাহ । গোটেই দিন একো নোখোৱাকৈ থাকে তেওঁ । তৎস্বত্তেও প্ৰতিদিনে ক’ভিড কেন্দ্ৰত সাত-আঠ ঘণ্টা কাম কৰিছে নেন্সিয়ে ।
কৰ’নাৰ প্ৰথম ঢৌৰ সময়ছোৱাৰ পৰাই তেওঁ এই ক’ভিড কেন্দ্ৰত কৰ্মৰত । নিজৰ আৰু সন্তানৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ ক’ভিড বিধি অৱলম্বন কৰি চলিছে তেওঁ । নেন্সিয়ে কয়, ‘মোৰ গৰ্ভত সন্তান আছে । কিন্তু মোৰ বাবে দায়িত্বও গুৰুত্বপূৰ্ণ, ঈশ্বৰৰ কৃপাত পবিত্ৰ ৰমজান মাহত মই ৰোগীসকলৰ সেৱাত নিজকে নিয়োজিত কৰিছো । এইটো মোৰ বাবে আটাইতকৈ ডাঙৰ বৰদান ।’