যিসকলে আমিষ ব্যঞ্জন নাখায় বা অত্যাধিক নাখায় তেওঁলোকৰ তেজৰ লো বা ইয়াৰ পৰিমাণ কম হোৱাৰ আশংকা থাকে। কিন্তু নিৰামিষ আহাৰত কিছুমান ব্যঞ্জন থাকে যিবোৰ লোৰে সমৃদ্ধ।
ৰক্তহীনতা বা অন্যান্য সমস্যা পৰিহাৰ কৰিবলৈ আপুনি কি নিৰামিষ ব্যঞ্জন খোৱা উচিত? এবাৰ চাওঁ আহক।
মাহজাতীয় শস্য: ইয়াত যথেষ্ট লো থাকে। যিসকলে নিয়মীয়াকৈ মাহজাতীয় শস্য খায় তেওঁলোকৰ ৰক্তহীনতাৰ সমস্যা কম হয়। এজন সাধাৰণ মানুহে প্ৰতিদিনে প্ৰয়োজন হোৱা প্ৰায় ৩৭ শতাংশ প্ৰতিদিনে এবাটি মাহজাতীয় শস্যৰ দ্বাৰা পূৰণ কৰিব পাৰি।
পাচলি: আপুনি আমিষ ব্যঞ্জন নোখোৱাকৈ নিয়মীয়াকৈ পাচলি খাব লাগিব। পালেং শাকত যথেষ্ট পৰিমাণে লো থাকে। পাচলিবোৰে দৈনিক লোৰ চাহিদাৰ ১৮ ৰ পৰা ৩৫ শতাংশ পূৰণ কৰিব পাৰে।
আলু: বাকলি নোহোৱাকৈ আলু খাব। তেনে ক্ষেত্ৰত, যথেষ্ট পৰিমাণে লোৰ চাহিদা পূৰণ কৰা হয়। মনত ৰাখিব, বাকলি গুচালে আলুৰ বহুগুণ হ্ৰাস কৰে।
কাঠফুলা: একেবাৰে আমিষ নাখায় নেকি ? তেতিয়া হ’লে কাঠফুলাই আপোনাৰ শৰীৰৰ লোৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। একাপ কাঠফুলাত প্ৰায় ২.৭ গ্ৰাম লো থাকে।