ভাৰতত পহিলা আগষ্ট পর্যন্ত প্রাণ হেৰুৱাব তিনি লক্ষাধিকে !

1 Ramon y Cajal hospital covid icu 770x433 1

ভাৰতত ইতিমধ্যেই মাৰাত্মক হৈ উঠিছে ‘ছাছ-ক’ভ-২’ ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় লহৰ। ইয়ানেই ভয়ানক ৰূপ ধাৰণ কৰিছে যে আৰু মাত্র ১৫ দিনৰ ভিতৰতে ভাৰতত দৈনিক ক’ভিড আক্রান্তৰ মৃত্যুৰ হাৰ বাঢ়িব পাৰে পাঁচ হেজাৰ ছশলৈ।

ফলত যােৱা ১২ এপ্রিলৰ পৰা পহিলা আগষ্টৰ ভিতৰত ভাৰতত মৃত্যু হ’ব পাৰে প্ৰায় তিনি লাখ ৩০ হেজাৰ ক’ভিড আক্রান্ত।আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেঙ্খ মেট্রিক্স এণ্ড ইভেন্যুয়েচন’ (আইএইএমই)ৰ সাম্প্রতিক গৱেষণাই এই উদ্বেগজনক খবৰ জনাইছে।

প্রায় অনুৰূপ এক ইংগিত পােৱা গ’ল মিছিগান বিশ্ববিদ্যালয়ৰ এখন গৱেষণা পত্রতাে। তাত কোৱা হৈছে যে মে’ৰ দ্বিতীয় সপ্তাহত ভাৰতত দৈনিক ক’ভিড ৰােগীৰ মৃত্যুৰ হাৰ চাৰে চাৰি হেজাৰলৈ বৃদ্ধি পাব। আনহাতে, জুলাইৰ শেষভাগলৈ সংক্রমিতৰ সংখ্যা বাঢ়িব আৰু আঠৰ পৰা ১০ লাখ।

অৱশ্যে কলকাতাৰ বিশেষজ্ঞসকলে এই দাবী দুটাৰ স’তে সম্পূৰ্ণৰূপে একমত হােৱা নাই। তেওঁলােকৰ বক্তব্য হৈছে মানুহে বাহিৰলৈ ওলালে মাস্ক পৰিধান নকৰিব, সামাজিক দূৰত্ববিধি মানি নচলিব, বাহিৰৰ পৰা ঘৰত সােমালে ছেনিটাইজ নকৰিব, ক’ভিডৰ প্রতিষেধক সঠিকভাৱে প্ৰদান কৰা নহ’ব আদি কেতবােৰ পূর্ব ধাৰণাৰ ভিত্তিতেই পূর্বাভাস দিয়া হৈছে।

অথচ বিগত এসপ্তাহত পৰিস্থিতি সম্পূর্ণরূপে সলনি হােৱা বুলিও দাবী কৰি বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে মানুহে এতিয়া মাস্ক পৰিধান কৰিহে ৰাস্তালৈ ওলাইছে, ক’ভিড টিকাকৰণাে পূর্ণোদ্যমে চলিছে। ফলত এই পূর্বাভাস দুটা সঁচা হােৱা সম্ভাৱনা কম বুলি বিশেষজ্ঞই দাবী কৰিছে।

অৱশ্যে পৰিস্থিতি সম্প্রতি সংকটজনক বুলি বিশেষজ্ঞসকলেও মানি লৈছে। ইফালে ৱাশিংটন বিশ্ববিদ্যালয়ৰ ‘আইএইচএমই’ৰ ‘ক’ভিড-১৯ প্রজেকচন্স ইন ইণ্ডিয়া, ২০২১’ শীর্ষক গৱেষণাপত্ৰৰ দাবী, এপ্রিল মাজভাগত ক’ভিডেই ভাৰতত সবাতােকৈ অধিক মানুহৰ ৰােগাক্রান্ত হৈ মৃত্যুৰ পঞ্চম কাৰণৰূপে পৰিগণিত হৈছে। গৱেষণাত কোৱা হৈছে যে ১২ এপ্রিলৰ পৰা পহিলা আগষ্ট পর্যন্ত ভাৰতত ক’ভিড সংক্রমণৰ দ্বিতীয় লহৰ আৰু ভয়াৱহ হৈ পৰিব।

তাৰ ফলত মে’ৰ দ্বিতীয় সপ্তাহতে ভাৰতত দৈনিক ক’ভিড ৰােগীৰ মৃত্যুৰ সংখ্যা চাৰে পাঁচ হেজাৰৰ বেছি হ’ব। ভয়ংকৰভাৱে বাঢ়িব সংক্ৰমণৰ হাৰাে। ইয়াৰ ফলতে ১২ এপ্রিলৰ পৰা পহিলা আগষ্টৰ ভিতৰত ক’ভিড ৰােগীৰ মৃত্যুৰ সংখ্যা আৰু প্রায় তিনি লাখ ৩০ হেজাৰ বৃদ্ধি পাব। যাৰ পৰিণতিত জুলাইৰ শেষভাগলৈ ভাৰতত ক’ভিড ৰােগীৰ মৃত্যুৰ সংখ্যা হ’ব ছয় লাখ ৬৫ হেজাৰৰ কিছু বেছি।

অৱশ্যে মানুহে যদি মাস্ক পৰিধানত অধিক আগ্রহী হয় আৰু টিকাকৰণৰ প্রক্রিয়াও যদি স্বাভাৱিক হৈ থাকে, তেন্তে ক’ভিড ৰােগীৰ মৃত্যুৰ সংখ্যা পূর্বাভাসতকৈ ৭০ হেজাৰ হ্রাস পাব পাৰে বুলিও গৱেষণাত কোৱা হৈছে। একে সময়তে গৱেষণাত ভাৰতত টিকাকৰণ প্রক্রিয়াৰ গতিতে সন্তুষ্টি ব্যক্ত কৰা হৈছে।

Exit mobile version