কৰ’না চিকিৎসাৰ খৰচ যােগাৰৰ বাবে ঋণ ল’ব পাৰিব ইপিএফ’ৰ পৰা !

how a covid hospital set up in pune is generating immense goodwill for wipro

আপুনি বাৰু কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন চমুকৈ ইপিএফঅ’ৰ সদস্যা উপভােক্তা নেকি? যদিহে আপােনাৰাে আছে। পিএফ একাউন্ট, তেন্তে আপােনাৰ বাবে বিশেষ সুবিধা লৈ আহিছে এইবাৰ পিএফ কর্তৃপক্ষই।

কৰ’না চিকিৎসাৰ খৰচ যােগাৰ কৰাৰ ক্ষেত্ৰত উপভােক্তাক অলপ হলেও সঁকাহ দিব পৰাকৈ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনে এক নতুন নিয়মৰ ঘােষণা মতে, বেতনভােগী কর্মচাৰীসকলে কৰ’না চিকিৎসাৰ খৰচৰ বাবে নিজৰ পিএফ একাউণ্টত জমা থকা সমস্ত ধনৰাশি আগতীয়াকৈ উলিয়াব পাৰিব বা তাৰ পৰা প্রয়ােজন অনুপাতে ঋণ ল’ব পাৰিব।

ইপিএফঅ’ৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম অনুযায়ী, যিকোনাে এজন ইপিএফ উপভােক্তাই চিকিৎসাজনিত কাৰণত (মেডিকেল ইমার্জেন্সি), গৃহ নির্মাণ অথবা গৃহৰ কিনা-বেচা,গৃহ ঋণৰ কিস্তি পৰিশােধ কৰাৰ পৰা আৰম্ভ কৰি বিয়া-বাৰু ইত্যাদি বিভিন্ন উদ্দেশ্যত নিজৰ পিএফ একাউণ্টৰ পৰা এক নির্দিষ্ট পৰিমাণৰ ধন আগতীয়াকৈ উলিয়াব পাৰে।

একে ধৰণে কৰ’নাৰ চিকিৎসাৰ বাবে হােৱা খৰচৰ ধনৰ প্রয়ােজন পূৰাবৰ বাবেও পিএফ একাউণ্টৰ পৰা অগ্রিম ধন পাব পৰা যাব এতিয়াৰে। পৰা। কৰ’না চিকিৎসাৰ বাবে যিয়ে এনেদৰে ধন উলিয়াব বিচাৰে তেওঁলােকে ইয়াৰ বাবে মেডিকেল ইমার্জেন্সিৰ কাৰণ দৰ্শাই আবেদন জনাব লাগিব। এই ধন ঋণ হিচাপেও পাব পৰা যাব।

আনহাতে, স্ত্রী, পিতৃ-মাতৃ অথবা সন্তানৰ কোনাে যদি ক’ভিডত অসুস্থ হৈ পৰে, তেনে ক্ষেত্ৰতাে অনুৰূপ কাৰণ দৰ্শাই সম্পূর্ণ টকা উলিয়াব পৰা যায়।

কিমান টকা উলিয়াব পাৰিব?

কৰ’না চিকিৎসাৰ বাবে কোনাে এজন কর্মচাৰীয়ে নিজৰ মাহিলি বেতনৰ সর্বাধিক ছয় গুণ পর্যন্ত টকা উলিয়াব পাৰে। নতুবা পিএফ একাউন্টটোত থকা কর্মচাৰীজনৰ নিজা শ্বেয়াৰ আৰু তাৰ লগতে ন্যূনতম পৰিমাণৰ সুতৰ অংশটো আগতীয়াকৈ উলিয়াব পাৰে। আটাইতকৈ ডাঙৰ সুবিধাটো হ’লএই
ধৰণে ইপিএফ একাউণ্টৰ পৰা অগ্রিম টকা উলিওৱাৰ ক্ষেত্ৰত কোনাে লক-ইন পিৰিয়ড বা ন্যূনতম ছাৰ্ভিচ পিৰিয়ডৰ যােগ্যতা থকাৰাে প্রয়ােজন নাই।

কি কি তথ্য লাগিব ?

কর্মচাৰীৰ ইউএএন অথবা সার্বজনীন একাউন্ট নম্বৰ থকাৰ লগতে ইপিএফ একাউণ্ট আৰু বেংক একাউণ্টৰ তথ্য-পাতি সংযুক্ত হ’ব লাগিব। মনত ৰাখিব, কোনাে তৃতীয় ব্যক্তিৰ বেংক একাউণ্টত ইপিএফৰ পাওনা ধনৰাশিৰ স্থানান্তৰ সম্ভৱ নহয়। আনহাতে, পৰিচয় পত্র জমা দিয়াৰ ক্ষেত্ৰত এটা কথাত গুৰুত্ব দিব যাতে অভিভাৱকৰ নাম, কৰ্মচাৰীৰ জন্ম, তাৰিখ আদিত ক’তাে খেলিমেলি নাথাকে। অন্যথা টকা উলিওৱাৰ সময়ত সমস্যা নির্ঘাত।

Exit mobile version