দৰা কৰ’নাত আক্ৰান্ত, পিপিই কিট পিন্ধিয়ে ক’ভিড ৱাৰ্ডত বিবাহত বহিল কইনা

Ez0hCvMVUAUBvoV MH7ZYlh

ক’ভিড ৱাৰ্ডত বিবাহ পাশত আৱদ্ধ হ’ল এহাল দম্পত্তি । কিছুদিন পূৰ্বে যেতিয়া দৰাৰ শৰীৰত পোৱা গৈছিল কৰ’নাৰ উপস্থিতি যাৰ ফলত ক’ভিড ৱাৰ্ডতে বিবাহত বহে দুয়ো ।

ADVERTISEMENT

পত্নীক বিবাহৰ পোছাক হিচাপে পিপিই কিট পিন্ধা দেখা গ’ল। দৰাৰ নাম শৰৎ মোন আৰু পত্নী অভিৰামী।

নৱবিবাহিত দৰাজন কিছুদিন পূৰ্বে কামৰ ক্ষেত্ৰত বিদেশলৈ গৈছিল। বিয়াৰ প্ৰস্তুতিৰ সময়ত দৰাৰ শৰীৰত ধৰা পৰিছিল কৰ’নাৰ উপস্থিতি । লগতে দৰাৰ মাতৃৰো আছিল কৰ’না পজিটিভ ।

দুয়োকে ভৰ্তি কৰোৱা হয় আলাপুঝা মিডিয়া কলেজৰ ক’ভিড ৱাৰ্ডত । ইয়াৰ পাছতে দুয়োটা পৰিয়ালে বিয়াৰ দিনটো পিছুৱাবলৈ অস্বীকাৰ কৰে। গতিকে দম্পতীহালে কৰ’না ৱাৰ্ডত পিপিইৰ পৰিধান কৰি বিবাহ পাশত আৱদ্ধ হয়।

জিলা উপায়ুক্ত আৰু প্ৰশাসনৰ অনুমতিত বিবাহ খন পৰিচালনা কৰা হয়। বিয়াখন ক’ভিড ৱাৰ্ডৰ ভিতৰতে হয়। নৱবিবাহিত পত্নী আৰু তেওঁৰ আত্মীয়সকলে প্ৰত্যেকেই পিপিই কিট পৰিধান কৰি ক’ভিড ৱাৰ্ডত প্ৰৱেশ কৰে।

Exit mobile version