প্রতিষেধক বাবে ১৮ বছৰৰ ঊর্ধ্বই নাম পঞ্জীয়ন কিদৰে কৰিব ?

co win app

অহা পহিলা মে’ৰ পৰা দেশত ১৮ বছৰ তথা ততােধিক বয়সৰ লােকসকলকো ক’ভিডৰ প্রতিষেধক প্রদান কৰা হ’ব। অৱশ্যে এই ক্ষেত্ৰত টিকাকৰণৰ ব্যয় ভাৰ বহন কৰিব লাগিব সংশ্লিষ্ট নাগৰিকে।

অহা পাঁচ মে’ৰ পৰা তৃতীয় পর্বৰ গণটিকাকৰণ অভিযান আৰম্ভ হ’ব। ইয়াৰ বাবে যােৱা ২৪ এপ্রিলৰ পৰা নাম পঞ্জীয়ন আৰম্ভ হৈছে। টিকা ল’বলৈ আগ্রহী ১৮ বছৰ ঊৰ্ধৰ লােকসকলে ‘ক’উইন’ নামৰ এপৰ জৰিয়তে নাম পঞ্জীয়ন কৰাব লাগিব।

তৃতীয় পর্যায়ৰ টিকাকৰণত ক’ভিশিল্ড, ক’ভাক্সিনৰ লগতে ৰাছিয়াৰ স্পটনিক-ভি প্রতিষেধক প্ৰদান কৰা হ’ব। প্রতিষেধক ল’বলৈ হ’লে নিজৰ ম’বাইলত ‘ক’উইন’ এ ডাউনলোেড কৰিব লাগিব আৰু অথবা ক’উইন ডট গভ ডট ইন’ ৱেবছাইট ভিজিট কৰি ৰেজিষ্টাৰ বা ছাইন ইন’ অপচনত ক্লিক কৰিব লাগিব।

ইয়াৰ পাছত আপােনাৰ ১০টা সংখ্যাযুক্ত ম’বাইল ফোনৰ নম্বৰ বা আধাৰ নম্বৰৰে পঞ্জীয়ন প্রক্রিয়া সম্পন্ন কৰক।

আপােনাৰ ম’বাইললৈ এটা ‘অটিপি’ আহিব আৰু নির্ধাৰিত স্থানত উক্ত অটিপি’ নথিভুক্ত কৰক। পঞ্জীয়নৰ পাছত আপুনি কেতিয়া ভেকচিন ল’ব, সেইদিন নির্বাচন কৰি লওঁক।

Exit mobile version