বুৰ্জ খলিফাত তিৰংগা, ভাৰতৰ স’তে থকাৰ বাৰ্তা সংযুক্ত আৰৱ আমিৰশাহিৰ

freepressjournal 2021 04 3b0fd638 c07a 45ac 9a40 d6c0a7ba7363 khalif burja

ভাৰতৰ ক’ভিড পৰিস্থিতিত ভাৰতৰ স’তে থকাৰ বাৰ্তা প্ৰেৰণ কৰিলে সংযুক্ত আৰৱ আমিৰশাহিয়ে । বিশ্বৰ উচ্চতম অট্টালিকা বুৰ্জ খলিফা ভাৰতৰ জাতীয় পতাকাৰে ৰঙীন কৰিলে তেওঁলোকে ।

কেমেৰাত বন্দী হ’ল সেই দৃশ্য । ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে । আমিৰশাহিৰ এই পদক্ষেৰ প্ৰশংসা কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ।

অৱশ্যে বুৰ্জ খলিফাত আগতেও এনে ধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে । বলীউডৰ কিং ছাহৰুখ খানৰ জন্মদিনৰ দিনাখনো এনেদৰে জন্মদিনৰ শুভেচ্ছা দিছিল ।

Exit mobile version