মাস্ক নিপিন্ধা সকলক জৰিমনা বিহাৰ বাবে আক্ৰমন বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক

WhatsApp Image 2021 04 26 at 7.04.46 PM

ক’ভিড নীতি অনুসৰি চিৰাঙৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদে মাস্ক নিপিন্ধা আৰু নথীহিন মটৰ চাইকেল ধৰি জৰিমনা বিহাৰ ফলত উত্তেজিত জনতাৰ আক্ৰমন। কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমন বেংতলৰ একাংশলোকৰ। আৰক্ষীৰ গোচৰ ৰুজু । ইতিমধ্যে আৰম্ভ কৰা হৈছে তদন্ত ।

দেওবাৰে সন্ধীয়া চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকীৰ বেংতলত অঘটন। কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমন একাংশলোকৰ। বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশ অনুসৰি ক’ভিড সজাগতাৰ অংশ হিচাবে সন্ধীয়া ছয় বজাত বজাৰ বন্ধ কৰা আৰু মুখত মাস্ক ব্যৱহাৰ নকৰা লোকক জৰিমনা বিহা তথা নথিহীন মটৰ চাইকেলৰ গৰাকি সকলৰ নথি পৰিক্ষা আৰু জৰিমনা কৰাৰ ফলত দেওবাৰে বিয়লি বেংতল বজাৰত কৰ্তব্যৰত আৰক্ষী বিষয়া হাইদৰ আলী আহমেদক একাংশ উত্তেজিত লোকে আক্ৰমন কৰে।

একাংশলোকে এই ঘটনাৰ ফেচবুক লাইভো কৰিছিল। সেয়ে আৰক্ষীয়ে এই ঘটনাৰ বিৰুদ্ধে গোচৰ পঞ্জিয়ণ কৰি তদন্ত অব্যাহত ৰাখিছে। কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমনৰ ঘটনাত জড়িত লোকক উচিত শাস্থি প্ৰদানৰ বিষয়ে চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে কয় যে এই ধৰণৰ ঘটনাত জড়িত কোনো লোকেই সাৰি যাব নোৱাৰিব। কাৰণ আইন সকলোৰে বাবে সমান।

দেওবাৰে বিয়লি হোৱা ঘটনাৰ পাছত নিশা আৰক্ষীয়ে কেইজনমান লোকক সোধপোচৰ বাবে আটক কৰে যদিও আজি আটাইকে মুকলি কৰি দিয়ে। এই ঘটনাক লৈ এজন অধিবক্তা সহ বেংতলৰ স্থানীয় লোকে বেংতল আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

দেওবাৰে ঘটনাৰ পাছতে জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধি , ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্ম সহ ৰুনিখাতা থানাৰ অচি ৰামচৰণ ৰাভা বেংতল আৰক্ষী চকীত বাহৰ পাতি পৰিস্থিতিৰ নিৰিক্ষণ কৰি আছে।

Exit mobile version