১৮ বছৰৰ ঊৰ্ধ্বৰ সকলোকে বিনামূলীয়া কৰ’না প্ৰতিষেধক প্ৰদানৰ ঘোষণা কেজৰিৱালৰ

covid19vaccination 7

১৮ বছৰৰ ওপৰৰ সকলোৱে দিল্লীত বিনামূলীয়া কৰ’না প্ৰতিষেধক লাভ কৰিব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি বিনামূলীয়া টিকাকৰণৰ কথা ঘোষণা কৰে ।

কেজৰিৱালে আজি দিল্লীৰ কৰ’না পৰিস্থিতিৰ ওপৰত এখন ভাৰ্চুৱেল সংবাদমেল অনুষ্ঠিত কৰে। তাত তেওঁ কয়, “দিল্লী চৰকাৰে ১৮ বছৰৰ ওপৰৰ সকলোকে বিনামূলীয়া টিকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আমি তেওঁলোকক যথা সম্ভৱ শীঘ্ৰে দিবলৈ চেষ্টা কৰিম। ”

কিন্তু মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘোষণা কেৱল চৰকাৰী চিকিৎসালয়ৰ বাবে। বিনামূলীয়া কৰ’না টিকাকৰণ কেৱল চৰকাৰী চিকিৎসালয়তহে উপলব্ধ হ’ব। ব্যক্তিগত চিকিৎসালয়ত প্ৰতিষেধক ক্ৰয় কৰিব লাগিব।

বিনামূলীয়া টিকা বিতৰণৰ ঘোষণা কৰিলেও সোমাবাৰে পুনৰ এবাৰ নিৰ্মাণ কোম্পানীসমূহক ভেকচিনৰ মূল্য হ্ৰাস কৰিবলৈ আহ্বান কেজৰিৱালৰ ।

“মই উৎপাদনকাৰী কোম্পানীবোৰক টিকাৰ প্ৰতিটো পালিৰ মূল্য ১৫০ টকালৈ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছো ।” কেজৰিৱালে কেন্দ্ৰক ৰাজ্যখনত টিকাৰ মূল্য নিৰ্ধাৰণ কৰিবলৈও আহ্বান জনায় ।

কভিশ্বিল্ড আৰু কোভাকচিন দুয়োটা ভেকচিন বৰ্তমান ভাৰতত টিকাকৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। তেওঁলোকে ৰাজ্যখনত মূল্য বহুত বেছি ৰাখিছে যদিও তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক ১৫০ টকাত এটা টিকাৰ পালি বিক্ৰী কৰিছে । ছেৰাম ইনষ্টিটিউটে ৰাজ্যসমূহক চাৰিশ টকাত কভিশ্বিল্ড বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে। ব্যক্তিগত চিকিৎসালয়ৰ বাবে মূল্য ছয়শ টকালৈ বৃদ্ধি কৰা হৈছে।

Exit mobile version