‘ছুটাৰ দাদি’ চন্দ্ৰো টোমৰ ক’ভিড পজিটিভ

jpg 4

‘ছুটাৰ দাদি’ হিচাপে প্ৰসিদ্ধ প্ৰৱীণ ছাৰ্পছুটাৰ চন্দ্ৰো টোমৰ ক’ভিড-১৯ত আক্ৰান্ত । তেওঁৰ পৰিয়ালবৰ্গই টুইটযোগে জনায় যে, তেওঁৰ শ্বাস সমস্যা হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

চন্দ্ৰোৰ পৰিয়ালবৰ্গই টুইট কৰে যে, ‘আইতা চন্দ্ৰো টোমৰ ক’ভিড পজিটিভ আৰু শ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ভগৱানে সকলোকে কুশলে ৰাখক – পৰিয়াল ।’

টুইটাৰে ৮৯ বৰ্ষীয় বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মহিলা ছাৰ্পছুটাৰগৰাকীৰ সুস্থতা কামনা কৰে । অভিনেত্ৰী কংগণা ৰণৌটেও চন্দ্ৰো আইতাৰ সুস্থতা কামনা কৰি টুইট কৰে, ‘ম‌ই আশা কৰো আইতাই যাতে শীঘ্ৰে সুস্থ হৈ ঘৰলৈ উভতে ।’

চন্দ্ৰো টোমৰে ৬৫ বছৰ বয়সত গুলী চালনা আৰম্ভ কৰে । তেওঁ তেওঁৰ ভগ্নী প্ৰকাশি টোমৰৰ স’তে বহু কেইটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । প্ৰকাশি টোমৰো বিশ্বত বয়োজেষ্ঠ মহিলা ছুটাৰ হিচাপে পৰিচিত । তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০১৯ত ‘চাঁড় কি আঁখ’ নামে এখন বলীউড চলচ্চিত্ৰ‌ও নিৰ্মাণ কৰা হয় ।

চন্দ্ৰোৱে বিভিন্ন প্ৰতিযোগিতাসহ ৩০ খন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাও জয় কৰিছে । তেওঁ উত্তৰ প্ৰদেশৰ বাঘপতৰ নিবাসী ।

Exit mobile version