সংকটকালত পথ প্ৰদৰ্শন কৰিছে মহাৰাষ্ট্ৰৰ এজন জিলা প্ৰশাসকে

IAS 4

সম্প্ৰতি ক’ভিড সংক্ৰমণ সমগ্ৰ বিশ্বৰ বাবে আটাইতকৈ বৃহৎ সমস্যা হিচাপে গা কৰি উঠিছে । ভাৰততো দ্ৰুত গতিত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে ‌। লগতে বৃদ্ধি পাইছে অক্সিজেনৰ নাটনিৰ সমস্যাও ।

প্ৰতিদিনে অক্সিজেনৰ অভাৱত দেশৰ বিভিন্ন প্ৰান্তত কৰ’না ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । ফলত প্ৰশাসকসকল সমালোচনাৰো সন্মুখীন হয় । সমগ্ৰ দেশ এনে পৰিস্থিতিত চিন্তিত হৈ থকাৰ সময়তে সামান্যও বিচলিত হোৱা নাই মহাৰাষ্ট্ৰৰ এখন জিলা ।

জিলাখনত সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে অক্সিজেনৰ নাটনি হোৱাও পৰিলক্ষিত হোৱা নাই । বৰঞ্চ ওচৰ চুবুৰীয়া ৰাজ্যসমূহেও চিকিৎসাৰ বাবে এই ৰাজ্যখনৰ ওপৰতে নিৰ্ভৰশীল ।

বিস্ময়ৰ বিষ‌য় যে, কৰ’না সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰা ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ অন্যতম । কিন্তু এনে পৰিস্থিতিতো সুস্থিৰ হৈ থকা ৰাজ্যখন মহাৰাষ্ট্ৰৰে এখন আদিবাসী অধ্যুষিত জিলা ।

জিলাখনৰ নাম নন্দুৰবাৰ । জনসংখ্যা ১৬ লাখ । দেশৰ অন্যান্য ৰাজ্যসমূহৰ হাস্পতালত বিছনাৰ অভাৱ, জীৱনদায়ী ঔষধৰ নাটনি, অক্সিজেনৰ বাবে হাহাকাৰ হৈ থকাৰ সময়তে এই জিলাখনত এই পৰ্যন্ত বহুকেইখন বিছনা খালি হৈ আছে ।

দুটা অক্সিজেন প্লাণ্টৰ পৰা সকলো সংকটজনক ৰোগীক অক্সিজেনো সৰবৰাহ কৰা হৈছে । গুজৰাট, মধ্যপ্ৰদেশৰ পৰাও ৰোগী আহি চিকিৎসাধীন হৈছে এই জিলাৰ হাস্পতালখনত ।

নন্দুৰবাৰত দৈনিক সংক্ৰমণ ১২ শৰ পৰা তিনিশ লৈ হ্ৰাস পাইছে । নন্দুৰবাৰৰ জিলাপ্ৰশাসক চিকিৎসক ৰাজেন্দ্ৰ ভাৰুদ । চিকিৎসক, নাৰ্ছ, স্বেচ্ছাসেৱক, বিভিন্ন চৰকাৰী কৰ্মীক লৈয়ে তেওঁ অতিমাৰীৰ স’তে যুঁজ দিছে ।

ক’ভিড সংক্ৰমণৰ প্ৰথম ঢৌ নিয়ন্ত্ৰণ কৰি সমগ্ৰ দেশে গা এৰা দিয়াৰ সময়তে, এই জিলাখনে সময় নষ্ট নকৰি দ্বিতীয় ঢৌৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিয়ে ।

তেওঁ স্কুল আৰু সাম্প্ৰদায়িক হলসমূহক ক’ভিড-১৯ কেন্দ্ৰত পৰিণত কৰে । সংক্ৰমিতসকলক পৃথককৈ ৰাখিবৰ বাবে সাত হেজাৰ বিছনাযুক্ত আইছ’লেছন কেন্দ্ৰ স্থাপন কৰে । ইয়াৰ ভিতৰত ১৩০০ খন বিছনাত আইচিইউৰ সুবিধা আছে ।

লগতে সংকটকালীন পৰিস্থিতিত ৰোগীসকলক শীঘ্ৰে হাস্পতালত নিবৰ বাবে ২৭ টা এম্বুলেন্সৰো ব্যৱস্থা কৰিছে । ক’ভিড ৰোগীৰ মৃতদেহ নিবলৈ কেৱল দুখন এম্বুলেন্স ৰখা হৈছে ।

তেওঁ পাঁচ লাখ টকাৰ ৰেমডেচিভিৰ প্ৰতিষেধকো সঞ্চয় কৰি ৰাখিছে । লগতে সমগ্ৰ দেশে অক্সিজেনৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে তেওঁ অক্সিজেনৰ নাটনি নহ’বৰ বাবে দুটা অক্সিজেন প্লাণ্টো নিৰ্মাণ কৰিছে ।

বিগত বৰ্ষৰ ছেপ্টেম্বৰত তেওঁ প্ৰথমটো অক্সিজেন প্লাণ্ট নিৰ্মাণ কৰে । দ্বিতীয়টো নিৰ্মাণ কৰে চলিত বৰ্ষৰ মাৰ্চত । অতি শীঘ্ৰে তৃতীয় প্লাণ্টৰ নিৰ্মাণো সম্পন্ন হ’ব । প্ৰতিটো প্ৰাণ্টৰ বাবদ ব্যয় হৈছে ৮৫ লাখ টকা ।

তেওঁ জনায় যে, তিনিটা প্লাণ্টতে সম্বলিতভাৱে প্ৰতি মিনিটত অন্ততঃ তিনি হেজাৰ লিটাৰ অক্সিজেন প্ৰস্তুত কৰা কৰা হ’ব । সক্ৰিয় প্লাণ্ট দুটাৰ পৰা প্ৰত্যক্ষভাৱে অক্সিজেন পাইপৰ মাধ্যমেৰে ৰোগীসকলে লাভ কৰিব ।

ৰোগীসকলৰ সামান্য শ্বাস সমস্যাৰ দেখা দিলেই তেওঁলোকক অক্সিজেন প্ৰদান কৰা হৈছে । তেওঁ ধাৰণা কৰে যে, আৰম্ভণিতেই ৰোগীসকলক অক্সিজেন দিব পাৰিলে ৰোগীসকলৰ অক্সিজেনৰ চাহিদাও হ্ৰাস পায় ।

লগতে ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে তেওঁ বদ্ধপৰিকৰ । জিলাৰ প্ৰান্তৱৰ্তী অঞ্চলসমূহত ১৬ টা পৃথক গাড়ীত প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে ।

কৰ’না অতিমাৰীৰ সময়ত সমগ্ৰ দেশকে পথ দৰ্শাই অনুপ্ৰেৰণা যোগোৱাৰ দৰে আইএএছ ৰাজেন্দ্ৰৰ জীৱন কাহিনীয়েও অনুপ্ৰেৰণা যোগাব ।

অকলশৰীয়া মাতৃৰ সন্তান ৰাজেন্দ্ৰ‌ই সৰুৰ পৰাই বিভিন্ন অভাৱ অনাটনৰ মাজত ডাঙৰ হৈছে । আইএএছ হোৱাৰ পূৰ্বে তেওঁ বস্তিত বাস কৰিছিল । চৰকাৰী চিকিৎসালয়ত শিক্ষা গ্ৰহণ কৰিছিল ।

Exit mobile version