কেজৰিৱালৰ ক্ষমতা খৰ্ব, জিএনচিটিডি আইন কাৰ্যকৰী কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰ

KejriwalPTI

কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৰ্থ দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ ক্ষমতা খৰ্ব কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে । কেন্দ্ৰ‌ই জনায় যে, আজিৰে পৰা দ্য গভাৰ্ণমেণ্ট অৱ নেছনেল কেপিটেল টেৰিটৰী অৱ দিল্লী (সংশোধিত) (জিএনচিটিডি) আইন বলৱৎ কৰা হৈছে । ফলত দিল্লীৰ নিৰ্বাচিত আম আদমি পাৰ্টীৰ চৰকাৰৰ তুলনাত অতিৰিক্ত ক্ষমতা ভোগ কৰিব উপৰাজ্যপাল অনিল বৈজলে । এতিয়াৰে পৰা কোনো চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰিব হ’লে কেজৰিৱাল চৰকাৰে উপৰাজ্যপালৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব ।

চলিত বৰ্ষৰ ২২ মাৰ্চত লোকসভা আৰু ২৪ মাৰ্চত ৰাজ্যসভাত জিএনচিটিডি বিল পাছ কৰা হয় । সেই সময়ত এএপি, কংগ্ৰেছসহ একাধিক বিৰোধী দলে এই বিলৰ প্ৰতিবাদত ৰাজ্যসভাৰ পৰা ৱাক‌আউট কৰে । ২৮ মাৰ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিলখনত স্বাক্ষৰ কৰাৰ পাছত আইনত পৰিণত হয় ।

কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে দাবী জনায় যে, ২০১৫ আৰু ২০ৰ নিৰ্বাচিত চৰকাৰৰ তুলনাত উপৰাজ্যপালৰ হাতত অধিক ক্ষমতা তুলি দিয়াৰ প্ৰচেষ্টা দিল্লীৰ জনসাধাৰণৰ স’তে বিশ্বাসঘাটকতা কৰা হ’ব ।

Exit mobile version