কৰ’না কালত দিল্লীত ২০ হেজাৰ কোটিৰ সৌন্দর্যবর্ধন প্রকল্প আৰু কেন্দ্রক সমালােচনা

মৃতকৰ চিতা জুলাবলৈ শ্মশানত নাই ঠাই, সেয়েহে জনাঞ্চলতে কৰা হৈছে ক’ভিডত মৃতকৰ শেষকৃত্য। দালালৰ পৰা কলা বজাৰত ক্রয় কৰা অক্সিজেন চিলিণ্ডাৰ লৈ হাস্পতালৰ বাহিৰত শাৰী পাতিছে অসংখ্য ৰােগীৰ আত্মীয়-স্বজনে। চিকিৎসালয়ত নাই শয্যা, অক্সিজেন, ভেন্টিলেটৰ। কৰ’নাৰ গ্ৰাসত বিধ্বস্ত দেশৰ ৰাজধানী দিল্লীত বিগত কে’বাদিন ধৰি এনে দৃশ্য সকলােৰে সহজলভ্য হৈছে।

চাৰিওফালে এনে চম আতংকময় আৰু অনিশ্চিয়তাই বিৰাজ কৰাৰ সময়তে মধ্য দিল্লীত দ্রুতগতিত অব্যাহত আছে নতুন সংসদ ভৱনৰ নির্মাণ আৰু সংসদ ভৱন চৌহদৰ সৌন্দর্যবর্ধন প্রকল্প। আনকি দিল্লীত দৈনিক সংক্রমণে ৩০ হেজাৰৰ সীমা স্পর্শ কৰাৰ দিনাও তিনিটা নতুন ভৱন নিৰ্মাণৰ বাবে নিবিদা বিচাৰি বিজ্ঞাপন প্রকাশ কৰা হ’ল।

কৰ’নাৰ প্রকোপত যাতে সৌন্দর্যবর্ধনৰ কাম স্তব্ধ নহয়, তা নিশ্চিত কৰিবলৈ স্বাস্থ্য সেৱাৰ দৰে নতুন সংসদ ভৱন নির্মাণ প্রকল্পকো জৰুৰী সেৱাৰ অন্তর্ভুক্ত কৰিলে কেন্দ্রীয় চৰকাৰে। কেন্দ্ৰৰ এই সিদ্ধান্তক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে বিৰােধী দলসমূহে।কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌত দিল্লীত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। দৈনিক ২০ হেজাৰৰ অধিক লােক ৰাজধানী চহৰখনত ক’ভিডত সংক্রমিত হৈ আহিছে।

তদুপৰি প্ৰায় চাৰিশ লােকে দৈনিক দিল্লীত কৰ’নাত প্ৰাণ হেৰুৱাইছে। পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অহা তিনি মে’লৈকে দিল্লীত ১৫ দিনৰ তলাবন্ধ ঘােষণা কৰিলে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। ফলত জৰুৰী সেৱাৰ বাহিৰে আন সকলাে কাম-কাজ ৰাজধানী চহৰখনত বন্ধ হৈ আছে। কিন্তু ইণ্ডিয়া গেট সংলগ্ন যি অঞ্চল দিল্লীত প্রাণকেন্দ্র হিচাপে পৰিচিত, সেই অঞ্চলত এতিয়াও নিয়ােজিত হৈ আছে ৰাজমিস্ত্রি, খনন কর্মী আৰু অগণন ট্রাক-লৰী কোৰ লৈ শ্ৰমিক ব্যস্ত আছে নির্মাণ কার্যৰ খননত।

উল্লেখ্য যে দেশৰ নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে ইতিমধ্যে ২০ হেজাৰ কোটি টকাৰ পুঁজিত অনুমােদন জনাইছে। ২০১৯ ছেপ্টেম্বৰৰ পৰা ৰাজধানী প্রকল্পৰ বাবে নিবিদা আহ্বানৰ প্রক্রিয়া আৰম্ভ হৈছিল। অৱশ্যে সেই সময়ত দেশত কৰ’নাৰ সংক্রমণ ধৰা পৰা নাছিল। কিন্তু ২০২০ আৰম্ভণিৰ পৰা দেশত ক’ভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু তলাবন্ধৰ ফলত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন কাম-কাজসমূহ ব্যাহত হৈছিল।

ক’ভিড পৰিস্থিতিৰ মাজতাে কেন্দ্রীয় চৰকাৰে শেহতীয়াভাৱে নতুন ৰাজধানী ভৱন নিৰ্মাণৰ কামত তৎপৰতা প্রদর্শন কৰাক লৈ ৰাজনৈতিক মহলত প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কংগ্রেছসহ একাধিক বিৰােধী দলে নতুন ৰাজধানী প্রকল্পৰ বিৰােধিতা কৰি আহিছে। কৰ’না পৰিস্থিতিত দেশ দুর্দশাগ্রস্ত হােৱাৰ সময়ত বৃহৎ পৰিমাণৰ ধন ব্যয়ৰে সংসদ ভৱনৰ নিৰ্মাণ কৰাটো চৰকাৰৰ চৰম বিলাসিতা বুলিও বিৰােধী শিবিৰে অভিহিত কৰিছে।

দিল্লীসহ দেশৰ বিভিন্ন ৰাজ্যত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰে ১৬২টা অক্সিজেন প্রকল্প স্থাপনৰ পৰিকল্পনা গ্রহণ কৰিছে আৰু ইয়াৰ বাবে ২০১ কোটি টকাৰ পুঁজিত অনুমােদন জনাইছে। সেয়েহে বিৰােধীয়ে প্রশ্ন কৰি কয়, ‘কেৱল নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে ৯৭১ কোটি টকা মঞ্জুৰ কৰা হৈছে।

এই ধনৰে কিমান অক্সিজেন প্রকল্প দেশত স্থাপন কৰিব পাৰি সেই কথা চৰকাৰে ভাবিছেনে? যােৱা ২০ এপ্রিলত প্রস্তাৱিত সংসদ ভৱন নিৰ্মাণৰ বাবে বর্তমানে উক্ত স্থানত থকা ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰটো ধ্বংস কৰি তিনিটা ভৱন নিৰ্মাণৰ প্ৰস্তাৱৰে কেন্দ্রীয় চৰকাৰে নিবিদা প্রকাশ কৰিছিল। এই প্রসংগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে টুইটাৰত চৰকাৰক সমালােচনা কৰি কয়, ‘ক’ভিড সংকট নমুনাৰ পৰীক্ষণ নাই, প্রতিষেধক নাই, অক্সিজেন নাই, আইচিইউ নাই, এই পৰিস্থিতিতাে চৰকাৰৰ বাবে কি অধিক গুৰুত্বপূৰ্ণ সেয়া বুজিব পাৰিছে নিশ্চয়।

কংগ্ৰেছৰ যুৱ নেতা শ্রীনিবাস বি ভিয়ে টুইটত কয়, ‘চেলে ভিষ্টা প্রকল্পত মুঠ ২০ হেজাৰ কোটি টকা ব্যয় কৰা হৈছে। এই ধনৰে যদি ভেন্টিলেট, আই চি ইউ আদিৰ ব্যৱস্থা কৰা হ’লহেঁতেন তেন্তে আজি লাখ লাখ ভাৰতীয়ৰ প্ৰাণৰক্ষা হ’লহেঁতেন। দুখৰ কথা এয়ে যে যিসকলে নীতি-নিয়ম নির্ধাৰণ কৰিছে তেওঁলােকৰ বাবে মানুহৰ জীৱনতকৈ বিলাসিতাৰ মূল্য অনেক বেছি। অৱশ্যে সামাজিক মাধ্যমত এনে বিরূপ প্রতিক্রিয়াৰ পাছতাে নতুন সংসদ ভৱন নিৰ্মাণৰ প্রক্রিয়া অব্যাহত আছে। তলাবন্ধৰ মাজতাে নির্মাণ কার্যত নিযুক্ত শ্রমিকে প্রতিদিনে চেলে ভিষ্টা প্রকল্প ৰূপায়ণৰ কামত ব্যস্ত হৈ আছে।

উল্লেখ্য যে যােৱা ১৬ এপ্রিলত বিজ্ঞপ্তি জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে চেলে ভিষ্টা প্রকল্পত জৰুৰী কাম-কাজৰ অধীনলৈ আনিছিল। এই প্রকল্পৰ কামত ব্যৱহাৰ কৰা ১৮০ খন ট্রাকক তলাবন্ধৰ সময়ত চলাচলৰ বাবে ৰেহাই দিয়া হৈছে। এই মুহূর্তত খনন কার্যত কমেও ৩০ জন শ্রমিক নিয়ােজিত হৈ আছে। এওঁলােকে নির্মাণ স্থানত থকাৰ পৰিৱৰ্তে দৈনিক কৰ’লবাগ, চৰাইকালে খান, নিজামউদ্দিন আদি অঞ্চলৰ পৰা দৈনিক যাতায়াত কৰি আহিছে।

Exit mobile version