বিকল ক’উইন প’ৰ্টেল, বুধবাৰে বিয়লি স্তব্ধ হ’ল তৃতীয় পৰ্যায়ৰ টিকাকৰণৰ নাম নথিভুক্তকৰণ

co win app 1

তৃতীয় পৰ্যায়ৰ নাম নথিভুক্তকৰণৰ আৰম্ভণিতেই প্ৰযুক্তিগত ত্ৰুটিৰ বাবে বিকল হ’ল চৰকাৰী ক’উইন প’ৰ্টেল । আজি বিয়লি চাৰি বজাত প’ৰ্টেলটোত নাম নথিভুক্ত বন্ধ হৈ যায় ।

ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব হ’লে ক’উইন এপত নাম নথিভুক্ত কৰা অনিবাৰ্য । সেয়ে এপটো বিকল হৈ পৰাত বিপাঙত পৰিছে বহু লোক । এক মে’ৰ পৰা ১৮ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ সকলোকে প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

Exit mobile version