কৰ’না মুক্ত হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Manmohan Singh PTI 1

ক’ভিডত আক্ৰান্ত হৈ এইমছ হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং আজি ক’ভিড মুক্ত হৈ হাস্পতালৰ উভতি আহে ।  ৮৮ বৰ্ষীয় প্ৰৱীণ কংগ্ৰেছ নেতাগৰাকীক ১৯ এপ্ৰিলত এইমছৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল ।

ড° সিঙে ক’ভেক্সিনৰ দুটা পালি গ্ৰহণ কৰিছিল । প্ৰথম পালিটো গ্ৰহণ কৰিছিল চাৰি মাৰ্চত আৰু দ্বিতীয়টো তিনি এপ্ৰিলত । স্বাস্থ্যজনিত সতৰ্কতাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

তেওঁ চিকিৎসাধীন হোৱাৰ পূৰ্বে অতিমাৰী নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰামৰ্শ দি এখন পত্ৰ লিখে । ইতিমধ্যে দুই লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

Exit mobile version