কৰ’না মহামাৰীৰ এই সময়ত বিশ্বৰ সকলাে দেশতে মাস্ক এবিধ অতি জৰুৰী পৰিধানত পৰিণত হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ দাবী অনুসৰি কৰ’না ভাইৰাছৰ সংক্রমণ প্ৰতিৰােধৰ ক্ষেত্ৰত মাস্কে যথেষ্ট সহায় কৰিব পাৰে।
সেয়েহে কৰ’না কবলিত প্ৰায়বােৰ দেশতে নাগৰিকসকলৰ বাবে মাস্কৰ পৰিধান বাধ্যতামূলক কৰা হৈছে। কিন্তু আমেৰিকাত এতিয়াৰে পৰা প্রতিষেধক গ্রহণ কৰা ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো জৰুৰী নহ’ব।
বুধবাৰে মার্কিন ৰাষ্ট্রপতি জ’বাইডেনে এই কথা ঘােষণা কৰি কয় যে যিসকল ব্যক্তিয়ে ইতিমধ্যে ক’ভিডৰ টিকাকৰণ সম্পূর্ণ। কৰিলে, তেওঁলােকে ঘৰৰ বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰাটো জৰুৰী নহ’ব।
অৱশ্যে এইসকল ব্যক্তিয়ে নিজকে ভিৰ বা জনসমাগমৰ পৰা আঁতৰাই ৰাখিব লাগিব। মার্কিন ৰাষ্ট্রপতিজনে দেশত তৰুণ প্রজন্মক যথাসম্ভৱ শীঘ্ৰে ক’ভিডৰ প্রতিষেধক গ্ৰহণ কৰিবলৈকো আহ্বান জনাইছে।
কোনাে ব্যক্তিয়ে জনসমাগম থকা পৰিবেশলৈ গ’লে প্রতিষেধক লােৱাৰ পাছতাে মাস্ক পৰিধান কৰিব লাগিব।






























