আজ টক নিউজ চেনেলৰ পৰিচিত বিশিষ্ট টেলিভিছন সাংবাদিক ৰোহিত ছৰদানাৰ মৃত্যু

শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিক ৰোহিত ছৰদানা।কিছুদিন পূৰ্বেই ক’ৰনাত আক্ৰান্ত হৈ আছিল সাংবাদিকগৰাকী। আক্ৰান্ত হোৱাৰ পাছতে হোম আইছলেশ্যনত আছিল ৰোহিত।

ADVERTISEMENT

তথ্য অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটিলে ৰোহিতে । ২৪ এপ্ৰিলত সাংবাদিকগৰাকীয়ে টুইট কৰিছিল যে, ‘এসপ্তাহ পূৰ্বে তেওঁৰ দেহত জ্বৰ আৰু কৰ’নাৰ বাকী লক্ষণে দেখা দিয়াত তেওঁ কৰ’না পৰীক্ষা কৰে ।

আৰটিপিচিআৰত ক’ৰনাৰ ৰিপৰ্ট নিগেটিভ আহিছিল যদিও CTScan কৰাৰ পাছত দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে । এতিয়া অৱস্থা পূৰ্বতকৈ কিছু ভাল। আপোনালোক সকলোৱে নিজৰ লগতে পৰিয়ালৰ কেয়াৰ লওক।’

টেলিভিশ্যন মিডিয়াৰ স’তে জড়িত থকা ৰোহিত ছৰদানাই আজ টক নিউজ চেনেলত কৰ্মৰত আছিল ।বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত দেশৰ সংবাদ জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

Exit mobile version