এইবাৰ মধ্য প্ৰদেশৰ মালৱা অঞ্চলৰ দূৰৱৰ্তী এখন গাঁওত দুবেলা খাদ্য যোগান ধৰাৰ দায়িত্ব ললে অভিনেতা ছনু ছুদে

sonu sood 1200

বিগত বৰ্ষৰ পৰা এতিয়া পৰ্যন্ত একমাত্ৰ বাস্তৱ হি’ৰ বলিউডৰ জনপ্ৰিয় অভিনেতা ছনু ছুদ । তলাবন্ধৰ সময়ছোৱাত অভিনেতাগৰাকীয়ে নিস্বাৰ্থভাৱে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ কাষত থিয় দিছিল।

তেওঁ বিশেষ গাড়ী আৰু বাছৰ ব্যৱস্থা কৰিছিল আৰু শ্ৰমিকসকলক তেওঁলোকৰ ঘৰলৈ প্ৰেৰণ কৰিছিল। সেয়াই নহয়! যেতিয়াই দেশৰ যিকোনো প্ৰান্তত কোনোবা সমস্যাত পৰে, ছনুক এবাৰ জনালেই হ’ল ।সাহায্যৰ হাত বঢ়াব দাবাং’ তাৰকাজনে । তলাবন্ধৰ সময়ত বহুলোকে চাকৰি হেৰুৱাইছে। ছনুৱে তেওঁলোকক এটা নতুন জীৱন আৰম্ভ কৰাত সহায় কৰিছে। তেওঁ অসহায়লোকৰ চিকিৎসা কৰিছে।

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ঘৰত উপস্থিত হোৱা, নিবনুৱাসকলক নিযুক্তি দিয়া, কাৰোবাৰ অনলাইন শ্ৰেণীৰ ব্যৱস্থা কৰা, কাৰোবাৰ ঘৰলৈ ট্ৰেক্টৰ বিতৰণ কৰা, কাৰোবাক চিকিৎসাৰ খৰছ দিয়া। মানুহৰ কাষত যেন ঈশ্বৰৰ দূত হৈ আহিছে ছনু ছুদ ।ইয়াৰ মাজতে কৰ’নাৰ দ্বিতীয় ঢৌ ত নিজে আক্ৰান্ত হৈছে অভিনেতাগৰাকী। বৰ্তমান মাৰাত্মক ৰোগটোক হৰুৱাৰ পাছত এটা নতুন শক্তিলৈ পুনৰ দৰিদ্ৰৰ কাষলৈ উভতি আহিছে ছনু।

এইবাৰ ছনু ছুদ এখন গাঁওৰ ‘মাছিহা’ হৈ পৰিছে। তলাবন্ধৰ পাছৰ পৰা গাওঁখনৰ মানুহবোৰৰ হাতত কাম নাই। সেয়েহে, তেওঁ মধ্য প্ৰদেশৰ মালৱা অঞ্চলৰ দূৰৱৰ্তী গাওঁ নিমাচৰ সকলো বাসিন্দাক দু’বেলা খাদ্য যোগান ধৰাৰ দায়িত্ব বহন কৰিছে।

ডান্স দিৱানেৰ এজন প্ৰতিযোগী উদয়ে এবাৰ ছনুক তেওঁলোকৰ গাঁৱৰ লোকসকলৰ দুৰ্দশাৰ বিষয়ে কৈছে। মধ্য প্ৰদেশ চৰকাৰে কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ তলাবন্ধৰ ঘোষণা কৰিছে। অহা সাত মে লৈকে প্ৰাথমিক ভাবে তলাবন্ধ অব্যাহত থাকিব। দীঘলীয়া তলাবন্ধৰ বাবে, তাত থকা দৈনিক মজুৰী পৰিয়ালবোৰে দু’বেলা খাব নোৱাৰে। উদয়ে ছনুক এখন পত্ৰত গোটেই পৰিস্থিতিটোৰ বিষয়ে অৱগত কৰিছিল।

তাৰ পাছত চনুৱে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল আৰু তেওঁলোক সকলোৰে দায়িত্ব লৈছিল। তেওঁ উদয়ক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকৰ গাঁৱত যিমানেই দীঘলীয়া সময়ৰ বাবে তলাবন্ধ চলি থাকক, দুই মাহ বা ছয়মাহ থাকিলেও গাওঁবাসীৰ মুখত খাদ্য ৰখাটো তেওঁৰ দায়িত্ব। তেওঁ সকলোৰে ঘৰলৈ ৰেচন বিতৰণ কৰিব। ছনুৱে গাওঁখনৰ সকলোকে নিশ্চিত হ’বলৈ অনুৰোধ কৰিলে।

Exit mobile version