কৰ’না আক্ৰান্ত দিল্লীৰ লেফটেনেন্ট গভৰ্নৰ অনিল বৈজল

663787 anil baijal 06

ন’ভেল কৰ’না ভাইৰাছত সংক্ৰমিত দিল্লীৰ লেফটেনেন্ট গভৰ্নৰ অনিল বৈজল । শুকুৰবাৰে তেওঁ টুইট কৰি নিজৰ সংক্ৰমণৰ বিষয়ে জনায় । টুইটত লিখে, সামান্য উপসৰ্গ আছে যদিও সম্প্ৰতি গৃহ কোৱাৰেণ্টাইনত আছো । তেওঁ গৃহত থাকিয়ে দিল্লীৰ কৰ’না পৰিস্থিতি নিৰীক্ষণ কৰিব ।

আজি টুইট কৰি বৈজলে লিখে, ‘মোৰ কৰ’না পৰীক্ষাৰ ৰিপ’ৰ্ট পজিটিভ আহিছে । সামান্য উপসৰ্গ আছে । ম‌ই নিজকে কোৱাৰেণ্টাইন কৰিছো । যিসকলে মোৰ সংস্পৰ্শত আহিছিল তেওঁলোক সকলোৰে ক’ভিড পৰীক্ষণ কৰা হৈছে । সম্প্ৰতি গৃহত থাকিয়ে ম‌ই দিল্লীৰ ক’ভিড পৰিস্থিতিৰ নিৰীক্ষণ কৰিম ।’

দিল্লীৰ বৰ্ধিত কৰ’না সংক্ৰমণ আৰু অক্সিজেন নাটনিৰ পৰিস্থিতি সন্দৰ্ভত বিগত কিছুদিন ধৰি একাধিক প্ৰশাসনিক বৈঠক কৰিছে বৈজলে । দিল্লীত যোৱা ১৯ এপ্ৰিলত তলাবন্ধ ঘোষণা কৰাৰ দুদিন পূৰ্বে তেওঁ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স’তে বৈঠকত মিলিত হৈছিল । দিল্লীসহ সমগ্ৰ দেশতে বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেককে সাৱধানতা অৱলম্বন কৰিবৰ বাবে পৰামৰ্শ দিয়ে বৈজলে ।

Exit mobile version