স্থায়ী, অস্থায়ী ৰোজভেলীৰ ৩০৪ কোটিৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডি-য়ে

Rose Valley office salt lake pti 0

বেআইনী বিনিয়োগকাৰী সংস্থা ‘ৰোজভেলী গ্ৰুপ অৱ কোম্পানীজ’ৰ স্থায়ী আৰু অস্থায়ী মুঠ ৩০৪ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ইডি)য়ে ।

আজি ইডি-য়ে জনায়, ‘প্ৰিভেনছন অৱ মানি লণ্ডাৰিং এক্ট অনুসৰি ৰোজভেলী গ্ৰুপৰ স্থায়ী আৰু অস্থায়ী সম্পত্তি বাজেয়াপ্ত কৰা হৈছে ।

ৰোজভেলীৰ বিৰুদ্ধে প্ৰায় ১৭ হেজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ আছে । ইডি আৰু চিবিআই দুই সংস্থাই তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিছে । ৰোজভেলীৰ টকা আত্মসাৎ কৰা গোচৰৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ মাৰ্চ পৰ্যন্ত প্ৰায় এহেজাৰ চাৰিশ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে ইডি-য়ে ।

সংস্থাত বিনিয়োগকাৰীসকলৰ টকা উভতাই দিবৰ বাবে সংস্থাটোৰ আৰু স্থায়ী আৰু অস্থায়ী সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলি পূৰ্বেই জনাইছিল ইডি-য়ে ।

সম্প্ৰতি ৰোজভেলীৰ স্বত্বাধিকাৰ গৌতম কুণ্ডুৰ পত্নী শুভ্ৰাক চিবিআই-য়ে গ্ৰেপ্তাৰ কৰিছে । গৌতমক পূৰ্বেই গ্ৰেপ্তাৰ কৰিছিল চিবিআই-য়ে । ২০১৫ৰ পৰাই তেওঁ কাৰাবাসত আছে ।

চিবিআই-ৰ সূত্ৰ অনুসৰি, গৌতমৰ কাৰাদণ্ড হোৱাৰ পাছত সংস্থাটোৰ দায়িত্বভাৰ শুভ্যাই গ্ৰহণ কৰে । অদ্ৰিজা দোকানৰ কোটি টকাৰ আত্মসাতৰ অভিযোগো আছে শুভ্ৰাৰ ওপৰত ।

Exit mobile version