অক্সিজেন যোগান সম্পৰ্কীয় শুনানিৰ সময়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ প্ৰসংশা কৰিলে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে

শুকুৰবাৰে দেশত ক’ভিড-১৯ আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে অক্সিজেন যোগান সম্পৰ্কীয় এটা গোচৰৰ শুনানি হয়। শুনানিৰ সময়ত, মুকেশ অম্বানীৰ নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ প্ৰসংশা কৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে । শীৰ্ষ ন্যায়ালয়ে জামনগৰ তেল শোধনাগাৰত লিকুইড মেডিকেল অক্সিজেন (এলএমঅ’) উৎপাদন কৰা উদ্যোগৰ প্ৰশংসা কৰে । বিচাৰকজনে দেশত কৰ’না সংক্ৰমণৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্যসমূহৰ বাবে আৰু সাতশ মেট্ৰিক টন অক্সিজেন উৎপাদনৰ পদক্ষেপক প্ৰশংসা কৰে ।

গুজৰাটত কোম্পানীৰ জামনগৰ শোধনাগাৰসমূহে প্ৰথমতে এশ টন চিকিৎসা-শ্ৰেণীৰ অক্সিজেন উৎপাদন কৰিছিল। কিন্তু পাছত, কম সময়ৰ ভিতৰতে, উদ্যোগটোৱে ইয়াক সাতশ টনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয় । গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত ৰিলায়েন্সে যোগান ধৰা তৰল অক্সিজেনৰ পৰিমাণে প্ৰতিদিনে কমেও ৭০ হেজাৰ গুৰুতৰভাৱে অসুস্থ ৰোগীক মৃত্যুৰ পৰা ৰক্ষা কৰিছে।

ৰিলায়েন্স ফাউণ্ডেচনে বুধবাৰে কয় যে, ই গুজৰাটৰ জামনগৰৰ পৰা অক্সিজেন যোগান ধৰাৰ উপৰিও এহেজাৰ বিছনাযুক্ত ক’ভিড-১৯ কেয়াৰ কেন্দ্ৰ স্থাপন কৰিছে। তাত সকলো সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে দেওবাৰে জামনগৰত উপস্থিত হৈ সম্পূৰ্ণ তদাৰক কৰে।

কোম্পানীটোৱে এক বিবৃতিত কয়, “আজি ভাৰতে ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত, আমি আমাৰ প্ৰতিটো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।” সম্প্ৰতি আটাইতকৈ গুৰুত্বপূৰ্ণ সেৱা হৈছে দেশৰ স্বাস্থ্য সেৱা। সেয়ে ৰিলায়েন্স ফাউণ্ডেচনে ইতিমধ্যে গুজৰাটৰ জামনগৰত কৰ’না প্ৰভাৱিত ৰোগীসকলৰ বাবে অক্সিজেনৰ স’তে এহেজাৰ বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰিছে। প্ৰথম পৰ্যায়টো এসপ্তাহৰ ভিতৰত চাৰিশখন বিছনা, ছশখন বিচনালৈ বৃদ্ধি কৰা হৈছে । কোম্পানীটোৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষা নীতা আম্বানীয়ে কয় যে, চিকিৎসালয়খন বিনামূলীয়াকৈ মানদণ্ডৰ সেৱা প্ৰদান কৰিবলৈ সক্ষম।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক কৰ’না গোচৰত দিল্লীৰ চিকিৎসা সংকট সমাধানৰ বাবে সকলো পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছিল৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে, দিল্লীয়ে প্ৰকৃততে সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰে । কাৰণ দিল্লীৰ স্থানীয় লোকসকল অনন্য ৷ একেটা গোচৰৰ শুনানিতে বিচাৰপীঠে ক’ভিড যুদ্ধত ৰিলায়েন্সৰ ভূমিকাৰ প্ৰশংসা কৰে৷

Exit mobile version