কৰ’নাই কাঢ়ি নিলে পিতৃ-মাতৃক

অসহায় দুই সন্তানৰ বাবে আগবাঢ়ি আহিল দিল্লী আৰক্ষী

1619857956 15

কৰ’নাত আক্ৰান্ত হৈ পিতৃৰ মৃত্যু হোৱাৰ পাছতে মাতৃৰো মৃত্যু হয় । সুস্থ, স্বাভাৱিক পৰিয়ালটোৰ পৰা যেন হঠাৎ চত্ৰ ছায়া নোহোৱা হৈ যায় । দিশহাৰা হৈ পৰিল দুই ভাতৃ-ভগ্নী । সেয়ে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল দিল্লী আৰক্ষী । তেওঁলোকক কাউন্সিলিং কৰি নিকটৱৰ্তী আত্মীয়ৰ কাষলৈ পঠিয়াই দিয়া হয় ।

আৰক্ষীৰ এই মানৱীয়তাৰ সাক্ষী হৈ ৰ’ল দিল্লীৰ চিআৰ পাৰ্ক অঞ্চল । সূত্ৰ অনুসৰি, যোৱা বুধবাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় দুই ভাতৃ-ভগ্নীৰ পিতৃয়ে । তেওঁ ফৰিদাবাদৰ হাসপাতালত চিকিৎসাধীন হৈ আছিল । অৱস্থাৰ অৱনতি ঘটাত মাতৃকো ভৰ্তি কৰোৱা হয় লাজপত নগৰৰ এখন চিকিৎসালয়ত । যোৱা শুকুৰবাৰে হাস্পতালত মাতৃৰো মৃত্যু হয় ।

প্ৰায় একেসময়তে পিতৃ-মাতৃক হেৰুৱাই অসহায় হৈ পৰিছে দুয়ো । এই খবৰ লাভ কৰাৰ পাছতে তেওঁলোকৰ কাষত উপস্থিত হয় দিল্লী আৰক্ষী । তেওঁলোকৰ কাউন্সিলিং কৰায় । তাৰ পাছত নিকটৱৰ্তী আত্মীয়ৰ তাত প্ৰেৰণ কৰা হয় ।

Exit mobile version