গণনা পিছুৱালে আকাশ ভাঙি নপৰে, যোগী ৰাজ্যত পঞ্চায়ত ভোট সন্দৰ্ভত ভৰ্তসনা উচ্চতম ন্যায়ালয়ৰ

800px Supreme Court of India inside bulidings 01

উত্তৰ প্ৰদেশত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা দেওবাৰে। ৰাজ্য নিৰ্বাচন আয়োগক সেই গণনা পিছুৱাবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে । ক’ভিড পৰিস্থিতিত ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আয়োগক ভৰ্তসনা কৰিলে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে ।

শনিবাৰে পুৱা উচ্চতম ন্যায়ালয়ে আয়োগক কয়, ‘সম্প্ৰতি ক’ভিড পৰিস্থিতি উদ্বেগজনক । ইয়ায় মাজতেই আপোনালোকে ভোটগণনাৰ সিদ্ধান্ত কৰিছে । দুসপ্তাহৰ পাছত আপোনালোকে গণনা কৰিব নোৱাৰিব নেকি ? এই সময়ৰ ভিতৰত ৰাজ্যৰ চিকিৎসা সেৱা কিছু উন্নত কৰা সম্ভৱ হ’ব ।’

লগতে কয়, ‘সকলো ধৰণৰ সমস্যাৰ মাজতো আপোনালোকে আগবাঢ়ি গৈছে । ভোট গণনা তিনি সপ্তাহ পিছুৱালে কাৰো মূৰত আকাশ ভাঙি নপৰে ।’

দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো উত্তৰ প্ৰদেশ নিৰ্বাচন আয়োগে কয়, ‘আমি ইতিমধ্যে ভোটগণনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । সেই সিদ্ধান্ত অনুযায়ীয়ে আমি আগবাঢ়ি যাব বিচাৰো । সকলো ধৰণৰ ক’ভিড সুৰক্ষা বিধি মানি চলা হ’ব ।’ এই আশ্বাস লাভ কৰাৰ পাছত অৱশ্যে ভোটগণনাৰ অনুমতি দিয়ে উচ্চতম ন্যায়ালয়ে ।

Exit mobile version