গুজৰাটৰ কৰ’না চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ১৯ জনৰ মৃত্যু

38a713c79b1f447da8267f540381c6b1

গুজৰাটৰ ভাৰুচৰ এখন কৰ’না চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। কমেও ১৯ জন ৰোগীৰ মৃত্যু । সূত্ৰ অনুসৰি, কমেও ৭০ জন কৰ’না ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কেৱল আইচিইউতেই ২৪ জন লোক আছিল । ঘটনাটোত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

শুকুৰবাৰে নিশা প্ৰায় এক বজাত চিকিৎসালয়খনত জুই লাগে । এঘণ্টাৰ ভিতৰতে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । আজি পুৱা ছয় বজালৈকে কমেও ১৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। স্থানীয় লোকসকল আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে কমেও ৫০ জন লোকক উদ্ধাৰ কৰিছে।

ভাৰুচৰ আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰসিং চুদাচামাই ঘটনা স্থলীৰ পৰা সংবাদ মাধ্যমক জনায় যে, ক’ভিদ ৱাৰ্ডৰ ১২ জন লোক নিমিষতে জুইত মৃত্যুবৰণ কৰে । কেৱল জুইতে নহয়, কিছুলোকৰ ধোঁৱাতো মৃত্যু হয়। এয়া এতিয়াও স্পষ্ট নহয় যে বাকী সাতজনে চিকিৎসালয়লৈ যোৱাৰ পথত জীৱনৰ স’তে যুঁজ সমাপ্ত কৰিছিল নে আন চিকিৎসালয়লৈ স্থানান্তৰিত হোৱাৰ পাছত মৃত্যু হৈছে।

আহমেদাবাদৰ পৰা ১৯০ কিলোমিটাৰ দূৰত বাৰুচ জাম্বুচাৰ পথৰ এটা ট্ৰাষ্টে চাৰিমহলীয়া চিকিৎসালয় আৰম্ভ কৰিছিল। ইয়াত কৰ’না ৰোগীৰ লগতে বহুতো সাধাৰণ ৰোগী আছিল। মাজনিশা চিকিৎসালয়ৰ চৌহদত কেনেকৈ জুই লাগিল সেয়া এতিয়াও জনা হোৱা নাই।

আৱাসীসকলেও জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ স’তে জঁপিয়াই পৰে । ঘটনাটোত ১৯ জন লোকে প্ৰাণ হেৰুৱাইছে, প্ৰশাসনিক আৰু স্থানীয় লোকৰ তৎপৰতা অবিহনে বহুলোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’লহেঁতেন। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে মৃতকৰ পৰিয়ালৰ বাবে চাৰি লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

Exit mobile version