ৰােজভেলীৰ ৩০৪ কোটিৰ সম্পত্তি বাজেয়াপ্ত ই ডিৰ

Rose Valley 875

চিটফাণ্ড কেলেংকাৰিৰ তদন্তত নামি প্ৰৱর্তক সঞ্চালকালয় (ই ডি)-এ ৰােজভেলী বিত্তীয় প্রতিষ্ঠানৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিসহ প্রায় ৩০৪ কোটি টকাৰ সম্পত্তি নিজৰ দখলত ল’লে।

শুকুৰবাৰে এক বিবৃতিৰ জৰিয়তে এই কথা প্রকাশ কৰি ই ডিয়ে কয় যে ‘প্রিভেনচন অৱ মানি লণ্ডাৰিং আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হ’ল। বিবৃতিটোত লগতে উল্লেখ কৰা মতে, চিটফাণ্ড কেলেংকাৰিৰ তদন্তৰ জৰিয়তে পশ্চিমবংগ, ওড়িছা, ত্ৰিপুৰা, অসম, মহাৰাষ্ট্র, ঝাৰখণ্ডসহ দেশৰ বিভিন্ন ৰাজ্যত ৰােজভেলী গ্রুপৰ বিভিন্ন কোম্পানীৰ নামত প্ৰচুৰ সম্পত্তি গঢ়ি তােলা হৈছিল।

মূলত সাধাৰণ মানুহৰ পৰা সংগৃহীত ধনক বেআইনীভাৱে এইদৰে সম্পত্তি ক্ৰয়ৰ উদ্দেশ্যৰে ব্যয় কৰা হৈছিল। বােজভেলীয়ে এইদৰে সাধাৰণ বিনিয়ােগকাৰীক প্ৰৱঞ্চনা কৰি সংগ্ৰহ কৰা ধনৰে ক্ৰয় কৰা সম্পত্তিসমূহ চিনাক্ত কৰি ই ডিয়ে বাজেয়াপ্ত আৰু নিজৰ দখলত লয়।

পশ্চিমবংগ, ওড়িছা, ত্রিপুৰাত বিশেষ অভিযান চলাই ৪১২টা অস্থাৱৰ সম্পত্তি ই ডিয়ে নিজৰ দখলত লয়। এই সম্পত্তিৰ মূল্য প্রায় ৪৭ কোটি টকা। আনহাতে, ৪২৬ স্থাৱৰ সম্পত্তিৰ তদন্তকাৰী সংস্থাটোৱে নিজৰ দখলত লয় আৰু ইয়াৰ মূল্য প্রায় ২৫৭ কোটি টকা।

ই ডিৰ তদন্তত ৰােজভেলীয়ে সাধাৰণ গ্রাহকৰ পৰা দেশজুৰি ১৭ হেজাৰ ৫২০ কোটি টকা আহৰণ কৰাৰ তথ্যও পােহৰলৈ আহে। এই ধনৰাশিৰ ১০ হেজাৰ ৫৮০ কোটি টকা প্রতিষ্ঠানটোৱে বিনিয়ােগকাৰীক ওভতাই দিছিল যদিও ছহেজাৰ ৬৭০ কোটি টকা আদায় দিয়া নাছিল।

Exit mobile version