আজিৰ পৰা ভাাৰতত আৰম্ভ হ’ল তৃতীয় পৰ্যায়ৰ ক’ভিড টিকাকৰণ

প্ৰথম দিনাই ৮৪ হেজাৰতকৈও অধিক লোকে লাভ কৰিলে প্ৰতিষেধক

7dc5547c 92df 11eb aae6 7fc003b6632f 1617277676813

দেশত শনিবাৰে আৰম্ভ হয় তৃতীয় পৰ্যায়ৰ ক’ভিড টিকাকৰণ । ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলে এই পৰ্যায়ত ভেকছিন পাব। স্বাস্থ্য মন্ত্ৰালয়ে কয় যে টিকাকৰণৰ প্ৰথম দিনটোত ৮৪ হেজাৰ ৫৯৯ জন লোকক টিকাকৰণ কৰা হৈছে। শনিবাৰে নিশা আঠ বজালৈকে ১৬লাখ ৪৮হেজাৰ ১৯২ জন লোকক টিকাকৰণ কৰা হৈছিল। ইয়াৰ ভিতৰত, ন লাখ ৮৯ হেজাৰ ৭০০ জনে কৰ’না টিকাৰ প্ৰথম পালি গ্ৰহণ কৰিছে । শনিবাৰে দ্বিতীয় পালি গ্ৰহণ কৰিছে ছয় লাখ ৫৮হেজাৰ জনে।

দেশত প্ৰথম পৰ্যায়ৰ টিকাকৰণ ১৬ জানুৱাৰীত আৰম্ভ হৈছিল। সেই ৰাউণ্ডত স্বাস্থ্য কৰ্মী আৰু আগশাৰীৰ কৰ’না যোদ্ধাসকলক টিকাকৰণ কৰা হৈছিল। তাৰ পাছত, ৪৫ বছৰীয়া লোকক টিকাকৰণ কৰা হয়। কেন্দ্ৰই এক মে’ৰ পৰা ১৮ ৰ পৰা ৪৪ বছৰীয়া লোকক টিকাকৰণৰ কথা ঘোষণা কৰিছিল। এতিয়ালৈকে ১৫কোটিৰো অধিক লোকক টিকাকৰণ কৰা হৈছে।

ইয়াৰ ভিতৰত, ৯৪ লাখ ২৮ হেজাৰ স্বাস্থ্য কৰ্মীয়ে টিকাৰ প্ৰথম পালি গ্ৰহণ কৰিছে। দ্বিতীয় পালিটো ৬২লাখ ৬৫হেজাৰ স্বাস্থ্য কৰ্মীৰ । এক কোটি ২৬ লাখ প্ৰথম শাৰীৰ কৰ’না যোদ্ধাই প্ৰথম পালি লাভ কৰিছে । ৪৫ ৰ পৰা ৬০ বছৰ বয়সৰ পাঁচ কোটি ৩৩লাখ লোকে কৰ’না টিকাৰ প্ৰথম পালি গ্ৰহণ কৰিছে। সেই বয়সৰ মাজত দ্বিতীয় পালি পাইছে মাত্র ৪০লাখে । তৃতীয় ৰাউণ্ডৰ আৰম্ভণিৰ দিনা প্ৰায় ৮৫হেজাৰ লোকক টিকাকৰণ কৰা হৈছিল।

Exit mobile version