কৰ’নাকালৰ মাছিহা ছনু ছুদ

02 sonu 1591612878

কৰ’নাকালৰ মাছিহা অভিনেতা ছনু ছুদ। বিগত বৰ্ষৰ তলাবন্ধৰ সময়ত হেজাৰ হেজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকক ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰিছিল অভিনেতাগৰাকীয়ে । বিভিন্ন সময়ত তেওঁ মানুহক বিভিন্ন ধৰণে সহায় কৰিছে।

ADVERTISEMENT

কৰ’নাৰ দ্বিতীয় ঢৌতো সেইয়া অব্যাহত ৰাখে ছনুয়ে । কৰ’নাত নিজেও আক্ৰান্ত হৈছিল ছনু। তেওঁৰ কৰ’নাৰ ৰিপ’ৰ্ট পজিটিভ হোৱাৰ লগে লগে পুনৰ তেওঁ মানুহক সহায় কৰা কাম কৰিবলৈ আৰম্ভ কৰে। দেশৰ বহুতো ক’ভিড ৰোগীক সহায় কৰিছে অভিনেতাগৰাকীয়ে ।

কৰ’না সংক্ৰমণ এনে এক পৰ্যায়ত উপনীত হৈছে যে চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেনৰ অভাৱ হৈছে আৰু সেয়েহে এনে পৰিস্থিতিত ছনু ছুদে মানুহক বিচনা আৰু অক্সিজেনৰ ব্যৱস্থা কৰিছে । কিন্তু এনেকুৱা পৰিস্থিতি বহুত চেষ্টা কৰাৰ পাছতো বিচনা পাবলৈ সক্ষম নহয়। নিজেই টুইট কৰিছে অভিনেতাগৰাকীয়ে ।

ছনুৱে কৈছে যে দিল্লীত বিচনা পাবলৈ গড়ে ১১ ঘণ্টা সময় লাগিছে। উত্তৰ প্ৰদেশত বিচনা পাবলৈ গড়ে ৯.৫ ঘণ্টা সময় লাগিছে । তেতিয়াও বিছনা যোগাৰ হবই। ছনুৱে শেহতীয়াকৈ ইন্দোৰত কৰ’না ৰোগীসকলৰ বাবে ১০ টা অক্সিজেন জেনেৰেটৰৰ ব্যৱস্থা কৰিছে।

কৰ’না কালৰ ৰিয়েল হিৰো হয় উঠিছেন অভিনেতা ছনু। ছবিত সাধাৰণতএ খলনায়কৰ চৰিত্রত দেখা যায় ছনুক। কিন্তু ৰিয়েল লাইফট তেওঁ এজন হিৰো বুলি প্ৰমাণ কৰিছে ।

Exit mobile version