কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ সহায় এইসমূহ সংস্থাৰ

2ie8l76o coronavirus india generic

সুন্দৰ পিচাই

ভাৰতক ক’ভিডকালীন বিপর্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছে। ভাৰতৰে সুপুত্ৰ সুন্দৰ পিচাইয়ে ক’ভিডৰ দ্বিতীয় টৌত বিপর্যস্ত মাতৃভূমিৰ প্রতি নিজৰ দায়বদ্ধতা প্রদর্শন কৰি সাহায্য প্রদানৰ প্রতিশ্রুতি দিছে গুগলৰ প্রধান কার্যবাহী বিষয়া সুন্দৰে।

অক্সিজেন সৰবৰাহৰ পৰা আৰম্ভ কৰি প্রযুক্তিগত সহায়তালৈ সকলােখিনিতে মাতৃভূমিক সহযােগিতা কৰাৰ অংগীকাৰ লৈছে ভাৰতীয় মূলৰ শিল্পপতিগৰাকীয়ে। গুগলৰ তৰফৰ পৰা ১৩৫ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘােষণা কৰি সুন্দৰ পিচাইয়ে টুইট কৰি কয় যে ভাৰতৰ জৰুৰী স্বাস্থ্য উপকৰণ ক্ৰয়ৰ বাবে এই অনুদান ইউনিছেফৰ জৰিয়তে প্রদান কৰা হ’ব।

কর্মচাৰীক বিনামূল্যে কৰ’না ভেকচিন দিব ৰিলায়েন্সে ও ঘােষণা মুকেশ আম্বানীৰ

কর্মচাৰীসকলৰ বাবে ডাঙৰ ঘােষণা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ তৰফৰ পৰা। আৰ সুৰক্ষা’ নামৰ এক বিশেষ আঁচনিৰ মাধ্যমেদি কর্মচাৰীসকলক বিনামূল্যে কৰ’নাৰ ভেকচিন দিয়াৰ কথা ঘােষণা কৰিছে মুকেশ আম্বানীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্রীৰ কর্মীবৃন্দৰ লগতে তেওঁলােকৰ পৰিয়ালৰ সদস্যকে সম্পূর্ণ বিনামূলীয়াকৈ ভেকচিন দিব আম্বানী পৰিয়ালে।

আনহাতে, কেৱল ইমানেই নহয়, কৰ’নাৰ কবলত আক্রান্ত ৰাজ্য মহাৰাষ্ট্ৰক বিশেষ সাহায্য প্রদান কৰিছে মুকেশ আম্বানীৰ এই সংস্থাটোৱে। সূত্রত প্রকাশ পােৱা খবৰ মতে, ৰিলায়েন্সৰ তৰফৰ পৰা এশ টনৰাে অধিক অক্সিজেন সৰবৰাহ কৰা হৈছে সমগ্র মহাৰাষ্ট্ৰত।

অক্সিজেনৰ ঘাটি পূৰাব আইটিচিয়ে

দেশত কৰ’না ৰােগীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পােৱাৰ সমান্তৰালভাৱে অধিকাংশ ৰাজ্যতে চিকিৎসালয়ৰ খালী বিছনা, দৰব আৰু অক্সিজেনৰ সংকটে দেখা দিছে। অক্সিজেন, প্লাজমা বিচাৰি হাহাকাৰ কৰিছে ৰােগীৰ আত্মীয়ই। এনেহেন বিপদৰ সময়ত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰাৰ বাবে আগবাঢ়ি আহিছে দেশৰ অন্যতম অগ্রণী বেচৰকাৰী সংস্থা আইটিচি।

এক বিবৃতিযােগে সংস্থাটোৱে জানিবলৈ দিছে যে দেশত অক্সিজেনৰ নাটনি হ্রাস কৰাৰ উদ্দেশ্যে লিণ্ডে ইণ্ডিয়া নামৰ আন এটা সংস্থাৰ স’তে যৌথভাৱে মিলি বিদেশৰ পৰা ২৪টাকৈ ক্রায়ােজেনিক কনটেইনাৰ (যাৰ প্রতিটোৰে ওজন ২০ টন) আমদানি কৰাৰ বাবে আগবাঢ়িছে। স্মর্তব্য, তেলেংগানাত থকা সংস্থাটোৰ কাৰখানাৰ পৰা ইয়াৰ সংলগ্ন ৰাজ্যত অক্সিজেনৰ সৰবৰাহ আগৰ পৰাই আৰম্ভ কৰিছে ।আইটিচিয়ে। এইবাৰ অন্যান্য ৰাজ্যলৈও অক্সিজেন চিলিণ্ডাৰ এয়াৰলি কৰাৰ দিশে অগ্রসৰ হৈছে সংস্থাটো।

 

ভেকচিন ল’বলৈ যােৱা যাত্ৰীলৈ ১০ কোটি টকাৰ বিনামূলীয়া ৰাইড উবেৰৰ

বিগত কেইটামান দিনত ভাৰতৰ বিভিন্ন চহৰত কৰ’নাৰ ভেকচিন ল’বলৈ যােৱা যাত্রীক সম্পূর্ণ বিনামূলীয়াকৈ কেব সেৱা প্রদান কৰিছে উবেৰ নামৰ সংস্থাটোৱে। এই পর্যন্ত ৬০ হেজাৰৰাে অধিক যাত্রীয়ে এই সুযােগ লাভ কৰিছে। ভাৰতত কৰ’নাৰ টিকাকৰণ কাৰ্যসূচীক সফল কৰি তােলাত অংশীদাৰ হ’বলৈ সংস্থাটোৱে কলকাতা, মুম্বাই, দিল্লী, চেন্নাই, জয়পুৰ, ডেৰাড়ুন, ভুবনেশ্বৰ, যােধপুৰসহ দেশৰ মুঠ ১৯খন চহৰত এই বিনামূলীয়া ৰাইড আৰম্ভ কৰিছে ।

আর্থিকভাৱে দুর্বল, প্রবীণ নাগৰিক আৰু শাৰীৰিকভাৱে অসুস্থসকলে ১৮০০-১৮০-১২৫৩ টোল ফ্রি নম্বৰত ফোন কৰি আগতীয়াকৈ এনে ৰাইড বুক কৰিব পাৰে। সংস্থাটোৱে জনােৱা মতে, এই পর্যন্ত বিনামূলীয়া ৰাইডৰ সুবিধা লােৱা যাত্রীসকলৰ ৮৬ শতাংশয়েই দিল্লীৰ বাসিন্দা। হেল্পজ ইণ্ডিয়া নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ স’তে যৌথ সহযােগিতাৰে উবেৰে এই পর্যন্ত ১০ কোটি টকাৰ এনে বিনামূলীয়া ৰাইডৰ বন্দৱস্ত কৰিছে।

Exit mobile version