সংক্রমণৰ দুশ্চিন্তাৰ পৰা আৰু অলপ সকাহ !

ৰেছনৰ সামগ্রীও অর্ডাৰ কৰিব পাৰিব ঘৰতে বহি, নতুন এপ মুকলি

quint hindi 2021 03 28b8f16e aa50 4a39 9eb9 29eaca678fe7 Mera Ration app

ভাৰতত অতিমাৰীয়ে কালৰূপ ধাৰণ কৰিছে। ভাইৰাছৰ নতুন ট্রেইন ইমানেই বেছি শক্তিশালী যে কেন্দ্রীয় স্বাস্থ্য বিভাগে ইয়াৰ পৰা হাত সাৰিবলৈ পাৰিলে ঘৰৰ ভিতৰতাে মাস্ক পৰিধান কৰি থকাৰ পৰামর্শ দিছে সাধাৰণ জনতাক। এনে স্থলত বাহিৰলৈ ওলাই প্রয়ােজনীয় সামগ্রী কেইপদ কিনিবলৈ দোকানত দীঘলীয়া শাৰী পাতি থকাটো মুঠেও সুবিধাজনক নহয় আজিৰ তাৰিখত ।

উচ্চ আৰু উচ্চ মধ্যবিত্ত পৰিয়ালসমূহে ঘৰতে বহি অনলাইন স্বপিং কৰাত অভ্যস্ত যদিও যিসকল নিম্নবিত্ত তেওঁলােক এতিয়াও ৰেছনৰ দোকানৰ সামগ্ৰীৰ ওপৰতে নিৰ্ভৰশীল। পিছে কেন্দ্রীয় চৰকাৰৰ কৃপাত কোনেও ৰেছনৰ সামগ্ৰীৰ বাবেও দীঘলীয়া শাৰী পতাৰ প্ৰয়ােজন নাথাকিব এতিয়াৰে পৰা। কিয়নাে অনলাইন শ্বপিং কোম্পানীৰ পৰা অৰ্ডাৰ কৰাৰ নিচিনাকৈয়ে সহজ উপায়েৰে ঘৰতে বহি এই কাম কৰিব পৰা যাব।

শেহতীয়াকৈ দেশৰ কোটি কোটি ৰেছন কার্ডধাৰীৰ বাবে ‘মেৰা ৰেছন এপ’ নামেৰে এক বিশেষ ম’বাইল এপ্লিকেচন মুকলি কৰিছে কেন্দ্রই। মােদী চৰকাৰৰ ‘এক দেশ এক ৰেছন কার্ড’ অভিযানৰ অংশ হিচাপে আৰম্ভ কৰা হৈছে এই এপটো।

কিদৰে লাভ কৰিব ‘মেৰা ৰেছন এপ’ৰ সুবিধা ?

প্রথমে গুগল প্লে ষ্টোৰৰ পৰা মেৰা ৰেছন এপটো ডাউনলােড কৰি ইনষ্টল কৰিব লাগিব। ইয়াৰ পাছত এপটো অপেন কৰি নিজৰ ৰেছন কাৰ্ডৰ সকলােবােৰ তথ্য জমা দি তাক পঞ্জীয়নভুক্ত কৰিব লাগিব। এই এপটোৰ দ্বাৰা নিজৰ ৰাজ্যৰ বাহিৰত থকা শ্ৰমিকসকল সবাতােকৈ বেছি উপকৃত হব।

এপটোৰ মাধ্যমেদি ৰেছনৰ সমস্ত সামগ্রী অনলাইনযােগে অর্ডাৰ কৰিব পাৰিব আৰু অৰ্ডাৰ অনুযায়ী উপভােক্তাই বিচৰা ঠিকনাত গৈ ৰেছনৰ সামগ্রী উপস্থিত হ’ব। তদুপৰি ৰেছন কার্ড সংক্রান্তীয় কোনাে প্রশ্ন থাকিলেও তাৰ উত্তৰ এপটোৰ জৰিয়তে উপলব্ধ কৰিব পাৰিব। বর্তমানে ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ হােৱা এই এপটো আগন্তুক কেইটামান দিনৰ ভিতৰত আৰু ১৪টা ভাষাত পাব পৰা যাব।

Exit mobile version