স্বাস্থ্য মন্ত্ৰণালয়ৰ স’তে জৰুৰী বৈঠক প্ৰধানমন্ত্ৰীৰ

media handler 1

ক’ভিড পৰিস্থিতিক লৈ জৰুৰী বৈঠকত মিলিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ‌। আজি পুৱাই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন‌ আৰু কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ স’তে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰীগৰাকী । অক্সিজেন, প্ৰতিষেধক, ঔষধ, হাস্পতালৰ পৰিকাঠামো ইত্যাদি সন্দৰ্ভত বিশদ আলোচনা হয় বৈঠকত ।

দেশৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে । বিভিন্ন প্ৰান্তত হাহাকাৰ পৰিস্থিতি দেখা গৈছে । আটাইতকৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজধানী দিল্লীত ।

যোৱা কালি দিল্লীৰ বাত্ৰা হাস্পতালত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু হয় অক্সিজেনৰ অভাৱত । মৃতসকলৰ ভিতৰত এজন চিকিৎসকো আছে । মানসিক চাপ সহ্য কৰিব নোৱাৰি এজন চিকিৎসকৰ আত্মহত্যাৰ খবৰো আহিছে ।

সেয়ে এনে পৰিস্থিতিত কেনেধৰণৰ কৌশলেৰে আগবাঢ়িলে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব পাৰি তাৰে পৰ্যালোচনা কৰিবৰ বাবে আজি বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ।

Exit mobile version