পঞ্জাৱত প্ৰৱেশ কৰিবৰ বাবে লাগিব ক’ভিড নিগেটিভ ৰিপ’ৰ্ট, সংক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ প্ৰশাসনৰ

20210502 MAM SSS MN Migrant Worker 01 02 1619975691830 1619975718874

পঞ্জাৱ চৰকাৰে ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ স’তে যুঁজিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিমান, ৰে’ল বা পথৰ দ্বাৰা পঞ্জাৱত প্ৰৱেশ কৰিবলৈ, এতিয়াৰ পৰা কৰ’না ভাইৰাছ পৰীক্ষাৰ নিগেটিভ ৰিপৰ্ট দেখুৱাব লাগিব। একে সময়তে, সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চিনেমা হল, বাৰ আৰু জিম বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। ৰেষ্টুৰেণ্টত খোৱা নিষিদ্ধ কৰা হৈছে। দেওবাৰৰ পৰা ৰাজ্যখনত কাৰ্যকৰী হৈছে এই নিয়ম ।

পঞ্জাৱ গৃহ বিভাগৰ দ্বাৰা জাৰি কৰা এক নিৰ্দেশনাত সকলো জিলাৰ আৰক্ষী বিষয়াসকলক ১৫ মে’লৈকে নিষেধাজ্ঞা বজাই ৰাখিবলৈ কোৱা হৈছে। নিৰ্দেশনাৱলীত কোৱা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো দোকান বন্ধ থাকিব। অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত আছে দুগ্ধজাত সামগ্ৰী, পাচলি আৰু ফলৰ দোকান, মাছ, মাংস, কণী, মোবাইলৰ দোকান।

নিৰ্দেশনাৱলীত এইটোও কোৱা হৈছে যে দুজনতকৈ অধিক লোকে গাড়ীৰে ভ্ৰমণ কৰিব নোৱাৰিব। পৰিয়ালৰ এজন সদস্যৰ বাহিৰে কোনেও বাইক বা স্কুটাৰত উঠিব নোৱাৰিব। ইয়াৰ উপৰিও, সকলো চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ উপস্থিতিৰ নিৰ্দেশ দিয়া হৈছে। আন সকলো কাৰ্যালয়কো সকলো সুৰক্ষা নিয়ম পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰে লগতে নিৰ্দেশ দিছে যে ১০ জনতকৈ অধিক লোক বিবাহ,শ্ৰাদ্ধ বা আন কোনো অনুষ্ঠানত একত্ৰিত হ’ব নোৱাৰিব।

পঞ্জাৱ হৈছে কৰ’নাৰ দ্বিতীয় ঢৌত থকা ৰাজ্যসমূহৰ ভিতৰত এখন। শনিবাৰে ৰাজ্যখনত ৭,০৪১ জন কৰ’না ৰোগীৰ নতুন কৈ সংক্ৰমিত হৈছে । এদিনত ১৩৮ জন লোকৰ মৃত্যু হৈছিল। ৰাজ্যখনত এতিয়ালৈকে মুঠ কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ন হেজাৰ ১৬০জন লোকৰ।

Exit mobile version