বাংলাদেশী-ৰােহিংগ্যা হৈছে মমতাৰ সৰ্ববৃহৎ শক্তি : বিতর্কিত টুইট কংগনাৰ

2020 1largeimg 331145023

পশ্চিমবংগত তৃণমূল কংগ্ৰেছে আকৌ এবাৰ চৰকাৰ গঠনৰ পথত অগ্ৰসৰ হােৱাৰ সময়তে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক লৈ বিতর্কিত মন্তব্য প্রকাশ কৰিলে বলিউড অভিনেত্রী কংগনা ৰণৌটে।

টুইট কৰি বাংলাদেশী আৰু ৰােহিংগ্যাক মমতাৰ মূল শক্তি বুলি অভিহিত কৰিলে কংগনাই। ইমানতে ক্ষান্ত নাথাকি অভিনেত্রীগৰাকীয়ে পশ্চিমবংগক কাশ্মীৰৰ স’তেও তুলনা কৰিলে।

পশ্চিমবংগৰ নির্বাচনী সফলতাক লৈ তৃণমূল কংগ্ৰেছে ৰাজ্যৰ ৰাজপথত আনন্দ-উল্লাস প্রদর্শন কৰাৰ সময়তে টুইটাৰত কংগনাই মমতাৰ জয়ক কটাক্ষ কৰি কয়, বাংলাদেশী আৰু ৰােহিংগ্যাসকল মমতা বেনাৰ্জীৰ মূল শক্তি… যিটো ধাৰা প্রত্যক্ষ হ’ল তাৰ পৰা বুজিব পাৰি যে পশ্চিমবংগত হিন্দুসকল সংখ্যাগুৰু হৈ থকা নাই।

https://twitter.com/KanganaTeam/status/1388758033493204995?s=20

তথ্য অনুসৰি ভাৰতবৰ্ষৰ ভিতৰতে পশ্চিমবংগৰ মুছলমানসকল সবাতােকৈ দৰিদ্ৰ আৰু বঞ্চিত। আৰু এখন ভাল কাশ্মীৰ তৈয়াৰ হৈছে।

Exit mobile version