মানসিক অৱসাদত ভুগি দিল্লীৰ ক’ভিড হাস্পতালৰ চিকিৎসকৰ আত্মহত্যা

gpqt2rq4 dr vivek

চকুৰ সন্মুখত কেৱল কৰ’না ৰােগীৰ মৃতদেহ। যাৰ কান্ধত এই ৰােগীসকলৰ জীৱন ৰক্ষাৰ দায়িত্ব, তেওঁলােক সম্পূৰ্ণৰূপে অসহায়। তেওঁলােকৰ কৰিবলগীয়া একো নাই, অথচ চকুৰ সন্মুখত দ্রুতগতিৰে বৃদ্ধি পাইছে মৃতদেহৰ শাৰী।

এনে পৰিস্থিতিত মানসিক অৱসাদত ভুগিয়েই আত্মহত্যা কৰিলে নতুন দিল্লীৰ এজন চিকিৎসকে। অৱশ্যে এই আত্মহত্যাক আওপকীয়াকৈ হত্যা বুলিয়ে অভিযােগ কৰিলে চিকিৎসকৰ সতীর্থই। দিল্লীৰ এখন ক’ভিড হাস্পতালৰ আবাসিক চিকিৎসক আছিল ডাঃ বিবেক ৰাই।

মানসিক অৱসাদত ভুগিয়েই তেওঁৰ আত্মহত্যাৰ পথ বাছি ল’লে। এই কথা সদৰী কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ ডাঃ ৰবি ৱাংখেড়েকাৰে। তেওঁ কয়, ডাঃ ৰাই এজন অসামান্য চিকিৎসক আছিল। অতিমাৰীৰ সময়ত তেওঁ শ শ লােক প্রাণ ৰক্ষা কৰিছিল।

কিন্তু ইয়াৰ পাছতাে ডাঃ ৰাইয়ে নিজৰ জীৱনটো শেষ কৰি দিয়াৰ দৰে লােৱাৰ সিদ্ধান্তৰ সন্দৰ্ভত ডাঃ ৱাংখেড়েকাৰে কয়, “চকুৰ সন্মুখতে ইমান মানুহৰ মৃত্যু দেখি দেখিয়েই বিবেক ক্রমশঃ অৱসাদৰ চিকাৰ হৈ পৰিছিল।

শেষ পর্যন্ত তেওঁ আৰু সেই অৱসাদৰ মাজৰ পৰা ওলাই আহিব নােৱাৰিলে। ডাঃ ৱাংখেড়েকাৰে জনাইছে যে বিগত প্রায় এমাহ ধৰি ডাঃ ৰাইয়ে কেৱল ক’ভিড ৰােগীৰেই চিকিৎসা কৰিছিল। সম্প্রতি তেওঁ দৈনিক সাতৰ পৰা আঠজন গুৰুতৰভাৱে অসুস্থ ক’ভিড ৰােগীৰ চিকিৎসা কৰিবলগীয়া হৈছিল।

ৰােগীসকল কিদৰে মৃত্যুৰ কোলাত ঢলি পৰিছিল, সেয়া তেওঁ চকুৰ সন্মুখত দেখা পাইছিল। ডাঃ ৱাংখেড়েকাৰে কয়, ‘এনে পৰিস্থিতি আৰু সহ্য কৰিব নােৱাৰি তেওঁ নিজৰ জীৱনকে শেষ কৰি দিলে। এই মানসিক চাপ আৰু আবেগৰ অত্যাচাৰ তেওঁ আৰু সহ্য কৰিব পৰা নাছিল।

ইয়াৰ পাছতে ‘ছিষ্টেম’ৰ বিৰুদ্ধে অভিযােগ উত্থাপন কৰিলে ডাঃ ৱাংখেড়েকাৰে। তেওঁ অভিযােগ কৰে যে এজন তৰুণ চিকিৎসকৰ এনে মর্মান্তিক পৰিণতি আচলচে একপ্রকাৰৰ হত্যাকাণ্ড। যিভাৱে অক্সিজেন সহ চিকিৎসা সৰঞ্জামৰ নাটনিৰ মাজতে চিকিৎসা অব্যাহত ৰাখিবলগীয়া হৈছিল, সেই বিষয়টোৱে ডাঃ ৰাইৰ মনৰ ভিতৰত অৱসাদ বেছি সৃষ্টি কৰিছিল।

ডাঃ ৱাংখেড়েকাৰে কয়, ‘এয়া ‘হত্যা’ৰ বাহিৰে আন একো নহয়। উল্লেখ্য যে ডাঃ ৰাইয়ে দুমাহৰ অন্তঃসত্ত্বা পত্নীক এৰি গৈছে। চিকিৎসকজনে এখন আত্মহত্যাৰ টোকা লিখি যােৱা বুলি জনাইছে দক্ষিণ দিল্লীৰ মালব্য নগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে। ইতিমধ্যে চিকিৎসকজনৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Exit mobile version