বাগুচাৰাইৰ এখন বিবাহত দৰা-কইনাই বাঁহেৰে মালা সলনি কৰিছে

Begusarai groom and bride dressed each other with sticks people

সমগ্ৰ দেশতে পুনৰ ভয়ংকৰ কৰ’নাৰ পৰিস্থিতি। প্ৰতিদিনে মৃত্যুৰ মুখত পৰিছে হেজাৰ হেজাৰ লোক । চিকিৎসালয়ত নাই পৰ্যাপ্ত বিচনা, নাই পৰ্যাপ্ত অক্সিজেন । চাৰিওফালে অসহায়লোকৰ হাহাকাৰ। শ্মশানত মৃতদেহৰ বাবে শাৰী , অন্ত্যেষ্টিক্ৰিয়া কৰাৰ কোনো ঠাই নাই।

এনে পৰিস্থিতিৰ বাবে চৰকাৰে বিভিন্ন ঠাইত ইতিমধ্যে তলাবন্ধৰ ঘোষণা কৰিছে ।কঠোৰ কৰিছে কৰ’নাৰ প্ৰটকলসমূহ ।বিবাহ বা যিকোনো অনুষ্ঠানত এতিয়া বহুতে চৰকাৰৰ সকলো কৰ’না বিধি মানি বিবাহ পাশত আৱদ্ধ হৈছে। যিমান সম্ভৱ সামাজিক দূৰত্ব অটুট ৰাখিবলৈ চেষ্টা কৰিছে ।

বিহাৰৰ বাগুচাৰাইত দেখা গ’ল এখন বিয়াত বাঁহেৰে মালা সলনি কৰিছে। ছবিখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দৰা কীৰ্তশ কুমাৰ আৰু কইনা জ্যোতি কুমাৰী দুয়োৰে হাতত বাঁহৰ টুকুৰা আছে। দুয়োয়ে অটুট ৰাখিছে বিধিসন্মত দূৰত্ব। দুয়োয়ে মুখত মাস্ক পৰিধান কৰিছে ।

যদিও সামাজিক মাধ্যমত বহুতে এই বিষয়টোত হাঁহিছে, বেছিভাগ লোকেই কইনা আৰু দৰাৰ পদক্ষেপক সমৰ্থন কৰিছে। তেওঁলোকে অনুভৱ কৰে যে সমাজত কৰ’নাৰ বিষয়ে সজাগতা বৃদ্ধি ৰ বাবে তেওঁলোকৰ পদক্ষেপ নিঃসন্দেহে জনহিতকৰ। বিয়াখন ৩০ এপ্ৰিলত বেগুচৰাইত মাত্ৰ ৫০ জন অতিথিৰ উপস্থিতিত অনুষ্ঠিত হৈছিল। নৱবিবাহিত কীৰ্তেশে কয় যে তেওঁলোকৰ ‘বৰমালা’ অনুষ্ঠানটো গোটেই জীৱন স্মৃতিত থাকিব।

Exit mobile version