মাস্ক পৰিধান নকৰাসকলক ড্ৰাম বজায় গণ শাস্তি দিবলৈ গৈ বিপাঙত পৰিল ইন্দৌৰৰ প্ৰশাসনিক বিষয়া

মাস্ক পৰিধান নকৰাসকলক গণহাৰে শাস্তি বিহিছিল মধ্যপ্ৰদেশৰ ইন্দৌৰৰ এজন প্ৰশাসনিক বিষয়াই । ড্ৰাম বজায় শাস্তি দিছিল বিষয়াজনে । শাস্তি চাবলৈ ঘটনাস্থলিত বহুলোক গোট খাই । এই ঘটনাৰ ফলতে তেওঁ বিপাঙত পৰে ।

ঘটনাটোৰ এটা ভিডিঅ’ প্ৰকাশ পায় সামাজিক মাধ্যমত । ভিডিঅ’টোত দেখা যায় যে, ইন্দৌৰৰ এখন বজাৰৰ পৰিদৰ্শনত থকা এজন প্ৰশাসনিক বিষয়াই মাস্ক পৰিধান নকৰা প্ৰায় ২০ জন লোকক আটক কৰে । বিষয়াজনে তেওঁলোকক শাস্তি হিচাপে আঠুৰ ওপৰত ভৰ দি খুজ কাঢ়িবলৈ বাধ্য কৰাই । লগতে কাণত ধৰি উঠা-বহাও কৰে তেওঁলোকে । কোনোৱে নিৰ্দেশ পালন নকৰিলে মাৰধৰো কৰা হৈছে ।

এই সকলোখিনি শাস্তি ড্ৰাম বজায় বিহা হৈছে । যেন উৎসৱহে । সেই উৎসৱ চাবলৈ গোট খাইছে বহু লোক । বহুতে সেই দৃশ্য কেমেৰাত বন্দী কৰিছে । ভিডিঅ’ প্ৰত্যক্ষ কৰি ক্ষুধিত হৈছে বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰী । তেওঁলোকৰ দাবী, শাস্তি বিহিবলৈ গৈ নিজেই নিয়ম ভংগ কৰিছে বিষয়াজনে ।

Exit mobile version