মেথি বীজ ব্যৱহাৰ কৰি দ্ৰুত ওজন কমোৱাৰ পাঁচটা উপায়

methi seed 500x500 1

ওজন হ্ৰাস কৰিবলৈ আৰু শৰীৰক এটা সুন্দৰ আকৃতি দিবলৈ আমি কিমান যে কি নকৰোঁ! খোৱা খাদ্যৰ পৰিমাণ হ্ৰাস কৰা,প্রিয় আহাৰৰ পৰা একাধিক খাদ্য বাদ দিয়া – আৰু যে কিমান কি! ইয়াৰ উপৰিও, আমাৰ বহুতে কে’বাটাও দ্ৰুত গতিত ওজন হ্ৰাস কৰা ঘৰুৱা প্ৰতিকাৰ ( নেমুৰ ৰস, জিৰা, নহৰু ইত্যাদি) ব্যৱহাৰ কৰে। আপুনি জানেনে যে মেথিৰ বীজৰ দ্বাৰা সোনকালে ওজন হ্ৰাস কৰা সম্ভৱ? ভেষজ মচলা হিচাপে মেথিবীজ আমাৰ সকলোৰে বাবে সুপৰিচিত। মেথিবীজ ব্যৱহাৰ কৰি দ্ৰুত ওজন কমোৱাৰ পাঁচটা দুৰ্দান্ত কৌশল ।

(১)মেথি চাহ : মেথি বীজৰ চাহে ওজন হ্ৰাস কৰাত আৰু ডায়েবেটিচৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই হজম আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো যথেষ্ট কাৰ্যকৰী! এটা বাটিত অলপ পানী উতলাওক আৰু ইয়াক মেথিৰ পেষ্টৰ স’তে মিহলি কৰক। বিচাৰিলে ইয়াত আপুনি কিছুমান ভেষজ মচলাও যোগ কৰিব পাৰি। উদাহৰণ স্বৰূপে, আদা বা ডালচেনি। তাৰ পাছত পাত্ৰটো ঢাকনি এখনেৰে ঢাকি দিয়ক আৰু কমেও পাঁচ মিনিটৰ বাবে সকলো মচলা একেলগে উতলাওক। প্ৰতিদিনে খালী পেটত এই চাহ খালে ইয়াৰ ফলাফল পোৱা যাব।

(২) গজামেথুৰ বীজ: গজা মেথিৰ বীজত কেৰোটিনইড, ভিটামিন এ, বি, চি আৰু ই সমৃদ্ধ। ইয়াত পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, এমিনো এচিড, জিংক, পাচন খনিজ আৰু অধিক থাকে।

পাতল কাপোৰ এখন পানীত তিয়াই দিয়ক। এইবাৰ মেথিৰ গুটি এটা বাটিত লওক আৰু সেই পাতল তিতা কাপোৰেৰে ঢাকি দিয়ক আৰু কমেও তিনি ৰাতি এনেদৰে এৰি দিয়ক। যদি মেথিৰ গুটি তিনি দিনৰ পাছত গজালি দিয়ে, সেই গজা মেথি গুটি খালে সোনকালে ওজন হ্ৰাস হব। ই সোনকালে ওজন হ্ৰাস কৰাত অতি কাৰ্যকৰী।

(৩) ভজা মেথি: এটা বাটিত অলপ মেথি লওঁক আৰু ইয়াক তেল অবিহনে কম জুইত ভাজি ইয়াক গুৰি কৰক। তাৰ পাছত, মেথি গুৰিখিনি অলপ গৰম পানীৰ স’তে মিহলি কৰি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাটোৱে ওজন সোনকালে হ্ৰাস কৰিব। আপুনি ফলাফলবোৰ মেনুৱেলি পাব। ওজন সোনকালে হ্ৰাস কৰাৰ এইটো এটা আশ্চৰ্যকৰ উপায়।

(৪) মেথিত তিয়াই থোৱা পানী: মেথি তিয়াই থোৱা পানী খালে সোনকালে ওজন হ্ৰাস কৰাত সহায় কৰে। কিয়নো ইয়াক খোৱাটোৱে খাদ্যৰ বাবে সন্তুষ্টি কঢ়িয়াই আনে। ই ভোকৰ অনুভূতি হ্ৰাস কৰে আৰু খোৱাৰ আকাংক্ষা হ্ৰাস কৰে। ফলস্বৰূপে, ওজন দ্ৰুততাৰে হ্ৰাস হয়।

ইয়াৰ উপৰিও, এক কাপ মেথি গোটেই ৰাতি পানীত তিয়াই পাছদিনা উতলাই খালী পেটত চোবায় খাব । যদি আপুনি নিয়মীয়াকৈ এনেদৰে খায়, আপুনি ইয়াৰ ফল পাব । ই সোনকালে ওজন হ্ৰাস কৰাত অতি কাৰ্যকৰী।

(৫) মেথি আৰু মৌ চাহ: শৰীৰৰ আকৃতি আকৰ্ষণীয় কৰিবলৈ আৰু সোনকালে ওজন হ্ৰাস কৰিবলৈ মৌৰ স’তে মেথিৰ বীজ মিহলি কৰি তৈয়াৰ কৰা চাহ উৎকৃষ্ট। প্ৰথমে মেথিৰ গুটি বোৰ গুৰি কৰক। মেথিৰ গুৰিখিনি পানীৰে উতলাওক আৰু ঠাণ্ডা কৰক আৰু ইয়াক কমেও তিনি ঘণ্টাৰ বাবে এৰি দিয়ক। তাৰ পাছত পানীখিনি চেকি দিয়ক আৰু ইয়াত নেমুৰ ৰস আৰু মৌ যোগ দিয়ক। ভাল ফলাফল পাবলৈ এই মিশ্ৰণটো প্ৰতিৰাতি আৰু ৰাতিপুৱা খাব লাগিব। ই আপোনাৰ শৰীৰৰ ওজন সোনকালে হ্ৰাস কৰিব।

এই পাঁচটা উপায়েৰে মেথিবীজ ব্যৱহাৰ কৰি দ্ৰুততাৰে ওজন হ্ৰাস কৰা সম্ভৱ। পলম নকৰাকৈ আজিৰ পৰা এই নিয়ম আৰম্ভ কৰক।

Exit mobile version