কৰ’না আক্রান্তক পুষ্টি যােগান ধৰিবলৈ খুৱাওক খিচিৰি

masoor dal khichdi

কৰ’নাত আক্রান্ত হােৱা ৰােগীক চিকিৎসকে পুষ্টিকৰ আহাৰ পর্যাপ্ত পৰিমাণত গ্রহণ কৰিবলৈ পৰামর্শ দিয়ে। নির্দিষ্ট কিছুসংখ্যক দৰৱৰ লগতে ক’ভিড আক্রান্তই পৰিপুষ্টি লাভৰ বাবে পর্যাপ্ত খাদ্যপ্রাণযুক্ত আহাৰ গ্ৰহণ কৰাটো জৰুৰী।

অৱশ্যে ৰােগীৰ স্বাস্থ্য অনুসৰি প্ৰয়ােজনীয় খাদ্য গ্রহণ কৰিব লাগে। বহু চিকিৎসক মতে, আহাৰ হিচাপে কৰ’না ৰােগীয়ে খিচিৰি গ্ৰহণ কৰিলে শৰীৰে পর্যাপ্ত পৰিমাণৰ প্ৰটিন আৰু ভিটামিন লাভ কৰিব পাৰে।

খিচিৰিত চাউল, দাইলৰ লগতে বিভিন্ন শাক-পাচলি, মটৰ, আলু আদিৰ মিশ্রণ ঘটোৱা হয়। সেয়েহে খিচিৰিত আন খাদ্যৰ তুলনাত প্ৰ’টিন আৰু ভিটামিন পর্যাপ্ত পৰিমাণত থাকে। ফলত ঘৰত কৰ’না আক্রান্ত ৰােগী থাকিলে তেওঁক শাক-পাচলিসহ খিচিৰি তৈয়াৰ কৰি খাবলৈ দিলে শৰীৰে প্ৰয়ােজনীয় পুষ্টি আহৰণ কৰাত সহায়ক হয়।

তদুপৰি খিচিৰিৰ সােৱাদ বৃদ্ধি কৰিবলৈ সামান্য ঘিঁউ বা মাখন মিশ্রণ কৰিব পাৰিব। খিচিৰিত আন খাদ্যৰ তুলনাত মা-মছলা তেনেদৰে ব্যৱহাৰ কৰা নহয়। অৱশ্যে পিয়াজ, নহৰু আদিৰ দৰে সতেজ মছলা মিশ্রণ কৰিব পাৰি।

কৰ’নাত সংক্রমিত হােৱা বহু ৰােগীৰ ডিঙিত বিষ থাকে। এনে ৰােগীয়ে গৰমে গৰমে খিচিৰি খালে কিছু আৰাম অনুভৱ কৰিব পাৰিব।

Exit mobile version