পশ্চিমবংগত হোৱা নিৰ্বাচন কেন্দ্রীক সংঘাতত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেএলঅ’ই

WhatsApp Image 2021 05 05 at 5.31.01 PM

কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅ’ই আজি সংবাদ মাধ্যমলৈ এক ভিডিঅ’ প্ৰেৰণ কৰি পশ্চিমবংগত সংঘটিত হৈ থকা নিৰ্বাচন কেন্দ্রীক সংঘাতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ইতিমধ্যে কেএলঅ’ৰ অধ্যক্ষ জীৱন সিংহই অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ৰ জৰিয়তে কয় যে, কামতাপুৰ ৰাজ্যখনক পশ্চিমবংগৰ লগত চামিল কৰি দি চৰম ক্ষতি কৰিছে‌ ।

কোচ কামতাপুৰী ভূমিপুত্রসকলক নিঃশেষ কৰাৰ বাবে যি য়ড়যন্ত্ৰ ৰচনা কৰিছে ইয়াক কোনোপধ্যে সফল হ’বলৈ দিয়া নহ’ব বুলি সকিয়নি দিয়ে অধ্যক্ষজনে । ২০২১ৰ বিধানসভা নির্বাচনৰ ফলাফল দুই মে’ত ঘোষণা হোৱাৰ লগে লগে কোচ কামতাপুৰী জনগনৰ ওপৰত চলি থকা অমানবীয় অত্যাচাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষজনে কয় যে, কোচ কামতাপুৰী জনগনে যাতে কোনো ৰাজনৈতিক দলৰ লগত সক্রিয়ভাৱে জড়িত নাথাকে ।

লগতে কয় যে, যদি কোচ কামতাপুৰীৰ ওপৰত এনে ধৰণৰ অন্যায় অত্যাচাৰ চলি থাকে তেন্তে কেএলঅ’ৰ সদস্যসকলো হাত সাবটি বহি নাথাকিব ।

উক্ত ভিডিঅ’ বাৰ্তাতেই, পশ্চিমবংগত চলি থকা কোচ কামতাপুৰী জনগনৰ ওপৰত হোৱা অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰিবৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশনা জাৰি কৰা হয় ।

Exit mobile version