অজয় ৰায়ক মন্ত্ৰীত্ব প্ৰদানৰ দাবী সদৌ বিটিআৰ বাঙালী যুবছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দেৰ

WhatsApp Image 2021 05 06 at 7.29.55 PM

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা লগে লগেই জয়ী হোৱা বিধায়ক সকলোৰ মাজত চলিছে মন্ত্ৰীত্বৰ জল্পনা কল্পনা । এই ক্ষেত্ৰত হাত সাৱটি বহি থকা নাই দলীয় সমৰ্থক সকলোৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দইও।

তাৰ বাবেই আজি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি মন্টু দেই এক সাক্ষাৎকাৰত অসম বিধানসভা সমষ্টিৰ বিজনী সমষ্টিৰ নব নিৰ্বাচিত বিধায়ক অজয় ৰায়ক মন্ত্ৰীত্ব প্ৰদানৰ দাবী জনাইছে ।

উক্ত সাক্ষাৎকাৰতেই ফেডাৰেছনৰ সভাপতি মন্টু দেই প্ৰকাশ কৰে যে বিগত পাঁচ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ব্ৰহ্মপুত্ৰ ভেলিৰ পৰা মন্ত্ৰীত্ব প্ৰদান কৰিছে যদিও এই বেলি ব্ৰহ্ম পুত্ৰ ভেলি তথা নামনি অসমৰ পৰা মন্ত্ৰীত্ব দাবী কৰিছে ।

লগতে মন্টু দেই আৰু কয় যে নামনি অসমৰ পৰা যিহেতু বাঙালী জাতি জনগোষ্ঠীৰ পৰা একমাত্ৰ জয়ী প্ৰাৰ্থী অজয় ৰায় সেই বাবে অজয় ৰায়কে মন্ত্ৰীত্ব প্ৰদান কৰাৰ দাবী জনাইছে । ইপিনে সদৌ অসম বাঙালী যুবছাত্ৰ ফেডাৰেছনৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ইন্দ্ৰজীৎ দেৱনাথো অজয় ৰায়ক মন্ত্ৰীত্ব প্ৰদানৰ দাবী জনায় ।

Exit mobile version