কৰ’নাত সুস্থ হ’বলৈ দৈনিক ৩-৪ লিটাৰ পানী, মৌচুমীৰ ৰস পান জৰুৰী

Covid 19 virus

কৰ’নাত আক্রান্ত ব্যক্তিৰ আশু আৰােগ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসে যথেষ্ট প্রভাৱ পেলায়। কৰ’না ৰােগীয়ে পর্যাপ্ত পৰিমাণত জুলীয়া খাদ্য আৰু ভিটামিন ‘ চিযুক্ত আহাৰ খাব লাগে।

মুম্বাইৰ নিউট্ৰিচনিষ্ট শালিনী ভার্গবে পৰামর্শ দি কয় যে কৰনাত আক্রান্ত হলে এজন ব্যক্তিয়ে দৈনিক ৩-৪ লিটাৰ পানী পান কৰা জৰুৰী। শৰীৰত যাতে পানীৰ অভাব ঘটে তাৰ প্ৰতি ৰােগীয়ে লক্ষ্য ৰাখিব লাগে।

ভাগৱৰ মতে আক্রান্তৰ ডাব নাৰিকলৰ পানী, নেমু পানী আৰু গ্লুকজ মিশ্রিত পানী পান কৰা উচিত। ক’ভিডৰ সংক্ৰমণৰ পৰা মুক্ত হােৱাৰ পাছত ব্যক্তিজনে কমেও এসপ্তাহ জিৰণি লােৱা জৰুৰী।

ভিটামিন ‘চি’ৰ যাতে শৰীৰত অভাৱ নঘটে তাৰ প্রতি লক্ষ্য ৰাখি ক’ভিড আক্রান্তই মৌচুমী, কীনু, কমলা, নেমু, আমলখিৰ ৰস পান কৰা উপকাৰী। অৱশ্যে ফলৰ ৰসত চেনি আৰু নিমখ মিশ্ৰণ কৰিব নালাগে।

ৰােগীয়ে বিভিন্ন শুকান ফল, বাদাম আদিও খােৱা উচিত। ভার্গৱে লগতে কয় যে ক’ভিড আক্রান্তই হাওঁফাওঁৰ সুস্বাস্থ্যৰ বাবে নিতৌ প্রাণায়াম আৰু যােগাসন কৰা উচিত।

Exit mobile version