সংক্ৰমণ ৰোধ কৰিবলৈ সম্পূৰ্ণ তলাবন্ধৰ পথত তামিলনাডু

bbb 6833056 835x547 m

এইবাৰ সম্পূৰ্ণ তলাবন্ধৰ পথত তামিলনাডু চৰকাৰ । সোমবাৰে অৰ্থাৎ ১০ মে’ৰ পৰা দক্ষিণৰ ৰাজ্যখনত তলাবন্ধ আৰম্ভ হ’ব আৰু ২৪ মে’ পৰ্যন্ত লৈকে অব্যাহত থাকিব। শনিবাৰে ষ্টেলিন চৰকাৰে কয় যে ক’ভিডৰ দ্বিতীয় ঢৌৰ দ্বাৰা সৃষ্টি হোৱা “অনিবাৰ্য পৰিস্থিতি”ত সম্পূৰ্ণ তলাবন্ধৰ সিদ্ধান্ত লোৱা হৈছে।

যদিও এই তলাবন্ধৰ সময়ত গ্ৰচাৰী, পাচলি, মাছ, মাংসৰ দোকান বোৰ দিনৰ ১২ বজালৈকে খোলা ৰাখিব পাৰিব। আন সকলো দোকান বন্ধ থাকিব। সুৰাৰ দোকান সমূহো সম্পূৰ্ণৰূপে বন্ধ থাকিব । ৰেষ্টুৰেণ্টৰ পৰা কেৱল হোম ডেলিভাৰী কৰিব পাৰিব।

জৰুৰীকালীন সেৱাৰ স’তে সম্পৰ্কিত সকলে কামলৈ যাব পাৰিব। বাকীসকলে ঘৰৰ পৰাই কাম কৰিব লাগিব। অৱশ্যে, ৰাজ্যখনত তলাবন্ধত পেট্ৰ’ল পাম্প খোলা থাকিব। শনিবাৰে আৰু দেওবাৰে পুৱা ছয় বজাৰ পৰা নিশা ন বজালৈ দোকান খোলাৰ অনুমতি দিয়া হৈছে যাতে মানুহে তলাবন্ধ বাবে প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিব পাৰে।

যোৱা কেইসপ্তাহমানত, তামিলনাডুত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা কেইদিনমানত, ই ২০হেজাৰতকৈও অধিক হৈছে।

যোৱা ২৪ ঘণ্টাত, ২৪হেজাৰ ৪৬৫ জন লোক আক্ৰান্ত হৈছে। যোৱা কেইদিনমানৰ পৰা ৰাজ্যখনত দৈনিক ১০০জনৰো অধিক কৰ’না ৰোগীৰ মৃত্যু হৈছে। সক্ৰিয় ৰোগীৰ সংখ্যাও এক লাখ অতিক্ৰম কৰিছে। এই পৰিস্থিতিৰ স’তে যুজঁ দিবলৈ ১৪ দিনৰ তলাবন্ধ জাৰি কৰা হৈছে।

Exit mobile version