২৭ ঘণ্টা পর্যন্ত নিৰৱচ্ছিন্ন চিকিৎসাত ব্যস্ত শিক্ষার্থী চিকিৎসক

india young doc wider image 02 rt jef

সমগ্র দেশত কৰ’নাই ধাৰণ কৰা ভয়াৱহ ৰূপে চিকিৎসাৰ ক্ষেত্ৰত অভাৱনীয় জটিলতাৰ সৃষ্টি কৰাটো এতিয়া আৰু লুকাই থকা নাই। ভাৰতত জনসংখ্যাৰ বিপৰীতে চিকিৎসক সংখ্যাও যথেষ্ট কম।

তাৰ মাজতে কৰ’নাত ইতিমধ্যে বহু চিকিৎসক অকাল মৃত্যু হােৱাৰ উপৰি আক্রান্তও হৈছে শ শজন। ইয়াৰ ফলত বিভিন্ন চিকিৎসালয়ত চিকিৎসাৰ অভাৱে অধিক জটিল ৰূপ ধাৰণ কৰিছে।

এনে জটিলতাৰ মাত্রা কিছু পৰিমাণে হ’লেও হাস কৰাৰ বাবে এম বি বি এছ পৰীক্ষাৰ সদ্য উত্তীর্ণকো কৰ’নাৰ চিকিৎসাত নিয়ােগ কৰিবলগীয়া হৈছে। তাৰে বহুতে আনকি ইন্টার্ণী’ও শেষ কৰা নাই।

অথচ সেইসকলৰ অধিকাংশই নিয়ােজিত হ’বলগীয়া হৈছে। কৰ’নাৰ চিকিৎসাত। গুৰুতৰ ৰােগীৰাে চিকিৎসা তেওঁলােকে কৰিবলগীয়া হৈছে। দিল্লীস্থিত দেশৰ শ্রেষ্ঠ চিকিৎসালয়বােৰৰ ভিতৰৰ অন্যতম ‘হােলী ফেমেলী’ত কর্তব্যৰত তেনে এজন ।

চিকিৎসকৰ কাহিনীয়ে সম্প্রতি সকলােৰে দৃষ্টি কাঢ়িছে। চিকিৎসা বৃত্তিৰ প্রশিক্ষণ লৈ থকা ৰােগীজনক প্রথমতেই চিকিৎসা সাহায্য প্রদানৰাে দায়িত্ব ৰােহণেই ল’বলগীয়া হৈছে। এনে পৰিস্থিতিত অসহায় ৰােহণে ক’বলৈ বাধ্য হৈছে যে কাৰ জীৱন ৰক্ষা কৰাতাে সম্ভৱ হ’ব আৰু কাৰ নহ’ব সেয়া ঈশ্বৰে ঠিক কৰি দিয়ক।

সঘনে ২৭ ঘণ্টা পর্যন্ত নিৰন্তৰ চিকিৎসা সেৱা আগবঢ়াবলৈয়াে চিকিৎসালয়খনত চিকিৎসা সঁজুলিৰাে অভাৱ হৈছে। সেই সকলাে প্রত্যাহ্বান ৰােহণে আগত লৈ কাম কৰি গৈছে। কেতিয়াবা তেওঁৰ বাবে আৰু অধিক জটিল পৰিস্থিতিৰ সৃষ্টি হয়।

ৰােহণে কয়,‘কেতিয়াবা একেলগে এজন বয়ােজ্যেষ্ঠ আৰু এজন যুৱ ৰােগী আহে। দুয়ােজনৰে অক্সিজেনৰ প্রয়ােজন। অথচ সেই সময়ত চিকিৎসা বিছনা থাকে এখন। ৰােগী দুজনৰ মাজৰে পৰা কোনজনক চিকিৎসালয়ত ভর্তি কৰা উচিৎ সেই সিদ্ধান্ত লােৱাটো আতাইতকৈ কঠিন।

এনেদৰেই জটিলতাত সােমাই থাকি কেতিয়াবা মানসিক শান্তিৰ বাবে অলপ সময় ফুৰি অহাৰ ইচ্ছা জাগে। কিন্তু সেই ইচ্ছা পূৰণ কৰাতাে সম্ভৱ নহয়। কাৰণ মই জানাে যে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি ২৪ ঘণ্টাই চিকিৎসালয়ত থাকিব লাগিব।

Exit mobile version