এভাৰেষ্টৰ বেছ কেম্পত চাৰি পর্বতাৰােহীৰ শৰীৰত ক’ভিডৰ সংক্রমণ

everest

মাউন্ট এভাৰেষ্টৰ বেছ কেম্পত বৃদ্ধি পালে কৰ’না আক্রান্তৰ সংখ্যা। এপ্রিলত প্ৰথমবাৰ বেছ কেম্পত এজন বিদেশী পর্বতাৰােহীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণৰ বাতৰি লাভ কৰা হৈছিল।

শেহতীয়াভাৱে নেপাল চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বেছ কেম্পত চাৰিজন লােকৰ শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্রমাণ লাভ কৰা হৈছে। অৱশ্যে বেচৰকাৰী সূত্রই প্রকাশ কৰা মতে,এভাৰেষ্টৰ বেছ কেম্পত ৩০ জন পর্বতাৰােহী কৰ’নাত আক্ৰান্ত হৈছে।

২০২০ বৰ্ষত নেপাল চৰকাৰে এভাৰেষ্টত আৰােহণৰ অনুমতি দিয়া নাছিল। কিন্তু চলিত বৰ্ষত নেপাল চৰকাৰে অভিলেখসংখ্যক পর্বতাৰােহী অভিযানৰ বাবে অনুমতি দিছিল। যােৱা এপ্রিলত এভাৰেষ্টৰ বেছ কেম্পত প্রথমজন কৰ’না ৰােগী ধৰা পৰিছিল।

Exit mobile version